পবা সংৰক্ষিত বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্যলৈ উন্নীত কৰা হ'বঃ সোণোৱাল

পবা সংৰক্ষিত বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্যলৈ উন্নীত কৰা হ'বঃ সোণোৱাল

জৈৱ বৈচিত্ৰ্যৰ ৰম্যপুৰী পবা বনাঞ্চললৈ বিভিন্ন কাৰকে ভাবুকি কঢ়িয়াই আনিছে।
Published on

ধেমাজিৰ পবা সংৰক্ষিত বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্যলৈ উন্নীত কৰা হ'ব। বুধবাৰে এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। উল্লেখ্য যে জৈৱ বৈচিত্ৰ্যৰ ৰম্যপুৰী পবা বনাঞ্চললৈ বিভিন্ন কাৰকে ভাবুকি কঢ়িয়াই আনিছে। এনে কাৰকৰ অন্যতম হ'ল নৈৰ খহনীয়া। মঙলবাৰে মুখ্যমন্ত্ৰী সোণোৱালে ধেমাজিৰ সাম্প্ৰতিক বানে সৃষ্টি কৰা পৰিস্থিতিৰ বুজ লয়। মুখ্যমন্ত্ৰীয়ে জিলাখনৰ জোনাই অঞ্চলৰ বান পৰিস্থিতিৰ বুজ লয়। তদুপৰি তেওঁ লখিমপুৰ আৰু মাজুলী জিলাৰো বান পৰিস্থিতিৰ বুজ লয়। বান পৰিস্থিতি বুজ লোৱাৰ সময়ত মুখ্যমন্ত্ৰীয়ে আশ্ৰয় শিবিৰত ভৰ্তি হৈ থকা বানাক্ৰান্ত একাংশ লোকৰ সৈতেও বাৰ্তালাপ কৰে।

বানাক্ৰান্ত ৰাইজে উপযুক্ত পৰিমাণত সাহায্য লাভ কৰিছেনে নাই তাৰো তেওঁ বুজ লয়।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com