
গুৱাহাটীঃ ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডে ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ নিম্ন অসমৰ ৰাষ্ট্ৰীয় ঘাইপথ-১৭ৰ কেইবাটাও অংশ চাৰিলেনযুক্ত পথলৈ ৰূপান্তৰিত কৰি উন্নয়ন কৰিব। প্ৰথম অৱস্থাত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুটা অংশ চাৰিলেনযুক্ত কৰা হ'ব আৰু ইয়াৰ বাবে আনুমানিক ১,৫৬৮.১ কোটি টকা ব্যয় হ'ব। এই প্ৰকল্পসমূহ কাৰ্যকৰী কৰাৰ বাবে ইতিমধ্যে এন এইচ আই ডি চি এলে বিশ্বব্যাপী নিবিদা আমন্ত্ৰণ জনাইছে।উল্লেখ কৰিব পাৰি যে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে এন এইচ আই ডি চি এলক ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু অসমৰ অন্যান্য ৰাষ্ট্ৰীয় ঘাইপথ উন্নয়নৰ দায়িত্ব অৰ্পণ কৰিছে।
নিম্ন অসমৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অধিকাংশ অংশ বৰ্তমানৰ হিচাপত দুটা লেনযুক্ত। কিন্তু ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত যাতায়ত নিৰন্তৰ বৃদ্ধি পোৱাৰ লগতে সামগ্ৰিকভাৱে উত্তৰ-পূৰ্বাঞ্চলৰ পথ সংযোগ উন্নত কৰাৰ কেন্দ্ৰৰ নীতিৰ প্ৰতি লক্ষ্য ৰাখি ইয়াক চাৰিলেনযুক্ত পথলৈ ৰূপান্তৰিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে।