ৰাজ্যত চাফাই কৰ্মীচাৰী চিনাক্ত কৰিবলৈ শীঘ্ৰেই অভিযান চলোৱা হব

ৰাজ্যত চাফাই কৰ্মীচাৰী চিনাক্ত কৰিবলৈ শীঘ্ৰেই অভিযান চলোৱা হব

বৃহস্পতি বাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ভৈয়াম জনগোষ্ঠী আৰু পিছপৰা লোকসকলৰ কল্যাণ বিভাগক ৰাজ্যত চাফাই কৰ্মীচাৰী ( manual scavenger) সকলক চিনাক্ত কৰি কৰিবলৈ নিৰ্দেশ দিছে । এই লোকসকলৰ বাবে উন্নতি তথা তেওঁলোকক নতুন চাকৰিৰ সুবিধা প্ৰদান কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰকাশ কৰিছে ।ৰাষ্ট্ৰীয় চাফাই কৰ্মীচাৰী আয়োগৰ নিৰ্দেশনাৰ ভিত্তিত ৰাজ্যৰ চাফাই কৰ্মীচাৰী সকলৰ বাবে সকলো সুবিধা প্ৰদান কৰিবলৈ । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে লগতে পৰিস্কাৰ পৰিচ্ছন্নৰ ওপৰতো গুৰুত্ব আৰোপ কৰে আৰু চহৰ, নগৰ সমূহত ইয়াৰ সন্দৰ্ভত সজাগতা সৃষ্টি কৰিবলৈ প্ৰকাশ কৰে।

২০১৩ চনৰ চাফাই কৰ্মীচাৰী এক্টৰ অধিনত সৰ্বানন্দ সোনোৱালে ৰাজ্যিক পৰ্যায়ৰ পৰ্যবেক্ষক সৈতে বৈঠকত মিলিত হৈ এই লোক সকলৰ প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে । বৃহস্পতি বাৰে জনতা ভৱনত অনুষ্ঠিত এই বৈঠকত ভৈয়ামৰ জনগোষ্ঠী আৰু পিছ পৰা লোকসকলৰ কল্যাণ বিভাগক এই জনগোষ্ঠী আৰু পিছ পৰা লোক সকলৰ উন্নয়নৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে বৈঠকতে নগৰ উন্নয়ন বিভাগকো চাফাই কৰ্মী সকলক আধুনিক আৰু বাস্তৱায়িত পদ্ধতি গ্ৰহণ কৰিবলৈ প্ৰকাশ কৰিছে । লগতে ৰাজ্যিক ভিত্তিত হস্ত চাফাই কৰ্মী সকলৰ অভিযান চলাই চিনাক্ত কৰিবলৈ কোৱা হৈছে ।

চৰকাৰী কল্যাণমুখী আচনি সমূহৰ যাতে ভৈয়াম জনগোষ্ঠী আৰু পিছপৰা লোকসকলে সুবিধা লাভ কৰিব পাৰে তাৰ প্ৰতিও লক্ষ্য ৰাখিবলৈ প্ৰকাশ কৰা হৈছে লগতে তেওঁলোকৰ জনশক্তি গঠন কৰাৰ গুৰুত্ব দিবলৈ নিৰ্দেশ দিছে । ভৈয়াম জনগোষ্ঠী আৰু পিছপৰা লোকৰ কল্যাণ বিভাগে ইতিমধ্যে গোলাঘাট, লক্ষিমপুৰ আৰু যোৰহাট জিলাত অভিযান আৰম্ভ কৰিছে। গোলাঘাট, লক্ষিমপুৰ, যোৰহাটত বৰ্তমানলৈকে ৫৪২ জন হস্ত চাফাই কৰ্মীক চিনাক্ত কৰা হৈছে । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে লগতে চাফাই অভিযানত মেচিনৰ জৰিয়তে কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰকাশ কৰে ।

ভৈয়াম জনগোষ্ঠী আৰু পিছপৰা লোকসকলৰ কল্যাণ বিভাগক লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় যে, ৰাষ্ট্ৰীয় চাফাই কৰ্মীচাৰী আয়োগৰ নিৰ্দেশনাৰ ভিত্তিত ৰাজ্যৰ চাফাই কৰ্মীচাৰী সকলৰ বাবে সকলো সুবিধা প্ৰদান কৰিবলৈ ।২০১৩ চনৰ চাফাই কৰ্মীচাৰী এক্টৰ অধিনত সৰ্বানন্দ সোনোৱালে ৰাজ্যিক পৰ্যায়ৰ পৰ্যবেক্ষক সৈতে বৈঠকত মিলিত হৈ এই লোক সকলৰ প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে লগতে পৰিস্কাৰ পৰিচ্ছন্নৰ ওপৰতো গুৰুত্ব আৰোপ কৰে আৰু চহৰ, নগৰ সমূহত ইয়াৰ সন্দৰ্ভত সজাগতা সৃষ্টি কৰিবলৈ প্ৰকাশ কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com