

গুৱাহাটী: অন্তৱৰ্তী ব্যৱস্থা হিচাপে কেবিনেট মন্ত্ৰী অতুল বৰায়ে তৎকালীনভাৱে সংসদীয় পৰিক্ৰমা বিভাগৰ দায়িত্ব চম্ভালিব। মুখ্যমন্ত্ৰীৰ অনুমোদনৰ পিছত মুখ্য সচিব ৰবি কটাৰ স্বাক্ষৰিত এক অধিসূচনা সংসদীয় পৰিক্ৰমা বিভাগে জাৰি কৰে।
অধিসূচনাত কোৱা হয় যে মুখ্যমন্ত্ৰীৰ পৰামৰ্শ অনুসৰি অন্তৱৰ্তী ব্যৱস্থা হিচাপে সংসদীয় পৰিক্ৰমা বিভাগৰ সকলো বিষয় অতুল বৰায়ে চম্ভালিব।
এই অধিসূচনাৰ পিছত মন্ত্ৰী বৰাই আজি প্ৰ’ টেম স্পীকাৰ চন্দ্ৰমোহন পাটোৱাৰীৰ সৈতে ১৬ সংখ্যক অসম বিধানসভাৰ প্ৰথম অধিৱেশন সম্পৰ্কীয় বিষয়ত আলোচনা কৰে।
অধিক পঢ়ক - নৰৱেৰ সৰ্বোচ্চ সন্মান ‘গ্ৰেণ্ড ক্ৰছ অৱ ৰয়েল অৰ্ডাৰ অৱ মেৰিটৰ’ৰে সন্মানিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী