অসমৰ খিলঞ্জীয়া অধিকাৰ সুৰক্ষা আৰু ‘অস্বাভাৱিক জনসংখ্যাগত পৰিবর্তন’ ৰোধৰ বাবে কেন্দ্ৰৰ পদক্ষেপক সমৰ্থন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

“অবৈধ অনুপ্ৰৱেশ আৰু অস্বাভাৱিক জনসংখ্যাগত পৰিবর্তন কেৱল এখন ৰাজ্যৰ সমস্যা নহয়, ই ভাৰতৰ ৰাষ্ট্ৰীয় সুৰক্ষা,
অসমৰ খিলঞ্জীয়া অধিকাৰ সুৰক্ষা আৰু ‘অস্বাভাৱিক জনসংখ্যাগত পৰিবর্তন’ ৰোধৰ বাবে কেন্দ্ৰৰ পদক্ষেপক সমৰ্থন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
Published on

গুৱাহাটীঃ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে জনসংখ্যাগত পৰিবর্তন ৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপক স্বাগতম জনাই কয় যে, এই উদ্যোগে অসমৰ সাংস্কৃতিক ঐতিহ্য, জনজাতীয় সমাজ আৰু খিলঞ্জীয়া লোকসকলৰ অধিকাৰ সুৰক্ষিত কৰাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সামাজিক মাধ্যম X-ত অনুপ্ৰৱেশ আৰু “অস্বাভাৱিক জনসংখ্যাগত পৰিবর্তন”ৰ বিষয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি সৰ্মাই কয় যে, অসমে বহুদিন ধৰি এই সমস্যাৰ সৈতে যুঁজি আহিছে।

X-ত মুখ্যমন্ত্ৰীয়ে লিখে, “অবৈধ অনুপ্ৰৱেশ আৰু অস্বাভাৱিক জনসংখ্যাগত পৰিবর্তন কেৱল এখন ৰাজ্যৰ সমস্যা নহয়, ই ভাৰতৰ ৰাষ্ট্ৰীয় সুৰক্ষা, সাংস্কৃতিক পৰিচয় আৰু সামাজিক ভাৰসাম্যৰ সৈতে জড়িত এক গুৰুত্বপূর্ণ বিষয়।”

অধিক পঢ়ক - অস্বাভাৱিক জনসংখ্যা পৰিবর্তনৰ বিষয়ত ব্যৱস্থা ল’ব জাষ্টিছ নাওলেকাৰ কমিটিয়ে, অমিত শ্বাহ

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com