

গুৱাহাটীঃ অসমত এতিয়াৰে পৰা লিভ-ইন সম্পৰ্কক আইনী স্বীকৃতি দিয়া হ’ব আৰু ইয়াৰ পঞ্জীয়ন বাধ্যতামূলক কৰা হৈছে।
(i) লিভ-ইন সম্পৰ্কত থকা দম্পতীয়ে এক মাহৰ ভিতৰত পঞ্জীয়ন কৰিব লাগিব।
(ii) এক মাহৰ ভিতৰত পঞ্জীয়ন নকৰিলে ৩ মাহলৈকে জেল আৰু ১০ হাজাৰ টকা জৰিমনা, অথবা দুয়োটা শাস্তি হ’ব পাৰে।
(iii) পঞ্জীয়িত লিভ-ইন সম্পৰ্কৰ পৰা জন্ম হোৱা সন্তানক স্বয়ংক্ৰিয়ভাৱে বৈধ সন্তান হিচাপে গণ্য কৰা হ’ব।
(iv) যদি কোনো পুৰুষে লিভ-ইন সংগীনীক এৰি যায়, তেন্তে মহিলাগৰাকীয়ে আদালতৰ জৰিয়তে ভৰণ-পোষণ দাবী কৰিব পাৰিব।
(v) একে সময়তে বিবাহ আৰু লিভ-ইন সম্পৰ্ক দুয়োটা চলিব নোৱাৰিব। অৰ্থাৎ এজন ব্যক্তিৰ একাধিক সংগী থাকিব নোৱাৰিব।
(vi) সকলো বিবাহ বাধ্যতামূলকভাৱে পঞ্জীয়ন কৰিব লাগিব।
(vii) বিবাহ বিচ্ছেদৰ ক্ষেত্ৰত মহিলাসকলে কিছুমান বিশেষ অধিকাৰ লাভ কৰিব। যদি স্বামী ধৰ্ষণ, অস্বাভাৱিক অপৰাধ বা একাধিক পত্নী ৰখাৰ দোষত দোষী হয়, তেন্তে পত্নীয়ে বিচ্ছেদ বিচাৰিব পাৰিব।
(viii) দুয়োপক্ষৰ সম্মতিত বিচ্ছেদৰ বাবে কমেও এবছৰ পৃথকে থাকিব লাগিব। বিশেষ অসুবিধাৰ ক্ষেত্ৰত আদালতে এই প্ৰক্ৰিয়া দ্ৰুত কৰিব পাৰিব।
(ix) তাৎক্ষণিক ‘ট্ৰিপল তালাক’ বৈধ নহ’ব। আদালতৰ অনুমতি অবিহনে বিচ্ছেদ হ’ব নোৱাৰিব।
(x) স্বামী বা পত্নী যিকোনো এজনে আনজনৰ পৰা ভৰণ-পোষণ দাবী কৰিব পাৰিব। কিন্তু মহিলাই পোৱা যৌতুক বা স্ত্ৰীধন সম্পূৰ্ণৰূপে তেওঁৰ নিজৰ অধিকাৰ হৈ থাকিব।
অধিক পঢ়ক - “UCC এ সকলো নাগৰিকক ধৰ্ম নিৰ্বিশেষে আইনৰ আগত সমান অধিকাৰ নিশ্চিত কৰিব,” মুখ্যমন্ত্ৰী