“UCC এ সকলো নাগৰিকক ধৰ্ম নিৰ্বিশেষে আইনৰ আগত সমান অধিকাৰ নিশ্চিত কৰিব,” মুখ্যমন্ত্ৰী

মহিলাসকলৰ উত্তৰাধিকাৰ, বিবাহ বিচ্ছেদ আৰু পৰিত্যাগৰ ক্ষেত্ৰতো অধিকাৰ সুৰক্ষিত কৰা হ’ব। লাইভ-ইন সম্পৰ্কৰ ক্ষেত্ৰতো দায়বদ্ধতা নিৰ্ধাৰণ কৰা হৈছে।
“UCC এ সকলো নাগৰিকক ধৰ্ম নিৰ্বিশেষে আইনৰ আগত সমান অধিকাৰ নিশ্চিত কৰিব,” মুখ্যমন্ত্ৰী
Published on

গুৱাহাটীঃ অসম বিধানসভাত ঐতিহাসিক ইউনিফৰ্ম চিভিল কোড (UCC) আইন, ২০২৬ গৃহীত কৰা হয়। এই নতুন আইনখনৰ জৰিয়তে বহুবিবাহ (Polygamy) আৰু ‘লাভ জিহাদ’ৰ দৰে কাৰ্য শাস্তিযোগ্য অপৰাধ হিচাপে গণ্য কৰা হ’ব। লগতে মহিলাসকলৰ উত্তৰাধিকাৰ, বিবাহ বিচ্ছেদ আৰু পৰিত্যাগৰ ক্ষেত্ৰতো অধিকাৰ সুৰক্ষিত কৰা হ’ব। লাইভ-ইন সম্পৰ্কৰ ক্ষেত্ৰতো দায়বদ্ধতা নিৰ্ধাৰণ কৰা হৈছে।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে, “UCC ৰ জৰিয়তে সকলো নাগৰিকে ধৰ্ম নিৰ্বিশেষে আইনৰ দৃষ্টিত সমান অধিকাৰ লাভ কৰিব। বিবাহ, বিচ্ছেদ আৰু সম্পত্তিৰ ক্ষেত্ৰত কোনো ধৰ্মীয় নেতাৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিব নালাগিব।”

গুজৰাট আৰু উত্তৰাখণ্ডৰ পিছত অসম দেশৰ তৃতীয়খন ৰাজ্য য’ত UCC আইন প্ৰৱৰ্তন কৰা হৈছে। এই আইনখনৰ লক্ষ্য হৈছে বিবাহ, বিচ্ছেদ, উত্তৰাধিকাৰ আৰু লিভ-ইন সম্পৰ্কৰ আইনসমূহ একে ধৰণে সহজ আৰু স্পষ্ট কৰা।

কংগ্ৰেছৰ বিৰোধিতাৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে, “UCC কোনো বিশেষ ধৰ্মৰ বিৰুদ্ধে নহয়। ইয়াক ৰাজ্যৰ জনজাতীয় সমাজৰ বাহিৰে সকলোৰে বাবে প্ৰযোজ্য কৰা হৈছে। কংগ্ৰেছে বিধানসভাত কেৱল কোৰান আৰু শ্বৰীয়তৰ উদাহৰণ দাঙি ধৰিলে, আন ধৰ্মৰ কথা কোৱা নাছিল। ইয়াৰ ফলত স্পষ্ট হৈছে যে কংগ্ৰেছ এতিয়া এটা বিশেষ ধৰ্মৰ পক্ষতহে কথা কৈছে।”

জনজাতীয় সমাজক UCC ৰ বাহিৰত ৰখাৰ বিষয়ে তেওঁ কয়, “জনজাতীয় সমাজৰ নিজা পৰম্পৰাগত আইন আছে। তেওঁলোকে বহুবিবাহ মানি নলয়। হিন্দু আৰু মুছলমান সমাজে জনজাতীয় সমাজৰ পৰা বহু কথা শিকিব পাৰে।”

মুখ্যমন্ত্ৰীয়ে কয় যে, “চৰকাৰে UCC ৰ জৰিয়তে মহিলাসকলৰ সুৰক্ষা নিশ্চিত কৰিব বিচাৰে।” এই আইন অনুসৰি সকলো বিবাহ আৰু বিবাহ বিচ্ছেদ আদালতৰ জৰিয়তে পঞ্জীয়ন কৰিব লাগিব। বহুবিবাহ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। বিবাহৰ ন্যূনতম বয়স নিৰ্ধাৰণ কৰাৰ লগতে মৃত স্বামীৰ সম্পত্তি তেওঁৰ পত্নী আৰু পিতৃ-মাতৃৰ মাজত সমানভাৱে বণ্টনৰ ব্যৱস্থাও কৰা হৈছে। লাইভ-ইন সম্পৰ্ককো আইনী স্বীকৃতি দিয়া হৈছে। আইন ভংগ কৰিলে শাস্তিৰ ব্যৱস্থাও ৰখা হৈছে।

অধিক পঢ়ক - মহিলা সংৰক্ষণ বিধেয়ক, ২০২৬ক সমৰ্থন কৰি অসম বিধানসভাই এক প্ৰস্তাৱ গৃহীত কৰে

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com