

গুৱাহাটী: চৰকাৰী ব্যয়ৰ অধিক পৰ্যালোচনা আৰু নিয়ন্ত্ৰণ শক্তিশালী কৰাৰ উদ্দেশ্যে অসম চৰকাৰে এক গুৰুত্বপূর্ণ প্ৰশাসনিক আৰু আৰ্থিক সংস্কাৰৰ অংশ হিচাপে বিত্তীয় ক্ষমতাৰ প্ৰতিনিধিত্বৰ নিয়ম,২০২২ ৰ নিয়ম ২২ অনুসৰি এখন বিশেষ স্থায়ী বিত্ত সমিতি (SSFC) গঠন কৰিছে।
এই সমিতিয়ে ২৫ কোটি টকাৰ পৰা ১০০ কোটি টকালৈকে মূল্যৰ ৰাজ্য চৰকাৰৰ অগ্ৰাধিকাৰভিত্তিক উন্নয়নমূলক (SOPD) আঁচনি আৰু প্ৰকল্পসমূহ পৰীক্ষা কৰি অনুমোদন জনাব।
বিত্ত বিভাগে জাৰি কৰা এক চৰকাৰী নিৰ্দেশনা অনুসৰি নতুনকৈ গঠন কৰা SSFC-য়ে অসমৰ মুখ্য সচিবৰ অধ্যক্ষতাত কাম কৰিব আৰু বিভিন্ন প্ৰশাসনিক বিভাগে দাখিল কৰা প্ৰস্তাৱসমূহ আৰ্থিক অনুমোদনৰ পূৰ্বে মূল্যায়ন কৰিব।
সমিতিখনত অসমৰ মুখ্য সচিব অধ্যক্ষ হিচাপে থাকিব। সংশ্লিষ্ট প্ৰশাসনিক বিভাগৰ জ্যেষ্ঠতম সচিব সদস্য-সচিব হিচাপে দায়িত্ব পালন কৰিব।
ইয়াৰ উপৰিও পাঁচজন সদস্য থাকিব — বিত্ত বিভাগৰ আয়ুক্ত আৰু সচিব, Finance Secretary (Establishment-B), সংশ্লিষ্ট প্ৰশাসনিক বিভাগৰ ডেস্ক বিষয়া, সংশ্লিষ্ট বিভাগৰ মুৰব্বী আৰু প্ৰশাসনিক বিভাগৰ সঞ্চালক/জ্যেষ্ঠ বিত্তীয় উপদেষ্টা।
চৰকাৰে সকলো প্ৰশাসনিক বিভাগক নিৰ্ধাৰিত ফৰ্মেট আৰু বাধ্যতামূলক চেকলিষ্টসহ প্ৰস্তাৱ দাখিল আৰু SSFC বৈঠকৰ কাৰ্যবিৱৰণী প্ৰক্ৰিয়াকৰণ কৰিবলৈ নিৰ্দেশ দিছে।
এই নিৰ্দেশনাত আৰু কোৱা হৈছে যে সংশ্লিষ্ট প্ৰশাসনিক বিভাগৰ জ্যেষ্ঠতম সচিবে SSFC বৈঠক আহ্বান কৰা, সকলো সদস্যক অৱগত কৰা, প্ৰয়োজনীয় নথিপত্ৰ দাখিল নিশ্চিত কৰা আৰু বৈঠকৰ কাৰ্যবিৱৰণী প্ৰক্ৰিয়াকৰণ কৰাৰ দায়িত্ব পালন কৰিব।
ইয়াৰ পূৰ্বে চৰকাৰে মুখ্য সচিবৰ নেতৃত্বত এখন Standing Finance Committee (SFC) গঠন কৰিছিল, যিয়ে PWD (ৰাস্তা, অট্টালিকা আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগৰ বাহিৰে ৫ কোটি টকাৰ পৰা ২৫ কোটি টকাৰ ভিতৰৰ SOPD প্ৰকল্পসমূহ অনুমোদন কৰিছিল।
অধিক পঢ়ক - অসম বিধানসভাৰ সদস্যসকলে নিজৰ মাতৃভাষাত ভাষাত শপত গ্ৰহণ কৰি ৰচিলে ইতিহাস