উত্তৰ-পূব অঞ্চল বিগত ১০ বছৰত উল্লেখযোগ্যভাৱে পৰিৱৰ্তন হৈছে, অৰুণাচল মুখ্যমন্ত্ৰী খাণ্ডুৱে

অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে কয় যে উত্তৰ-পূব অঞ্চল বিগত ১০ বছৰত উল্লেখযোগ্যভাৱে পৰিৱৰ্তন হৈছে, আৰু তেওঁ এই উন্নয়ন, সংযোগ ব্যৱস্থা আৰু বিকাশৰ ওপৰত বিশেষ গুৰুত্ব দিয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কৃতিত্ব দিছে।
উত্তৰ-পূব অঞ্চল বিগত ১০ বছৰত উল্লেখযোগ্যভাৱে পৰিৱৰ্তন হৈছে, অৰুণাচল মুখ্যমন্ত্ৰী খাণ্ডুৱে
Published on

নতুন দিল্লী/ইটানগৰ: অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে শুকুৰবাৰে উত্তৰ-পূব ভাৰতৰ বিগত দশকৰ উল্লেখযোগ্য পৰিৱৰ্তনৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে পূৰ্বতে বিদ্ৰোহ, অনুন্নয়ন আৰু পৃথকীকৰণৰ সৈতে জড়িত এই অঞ্চল এতিয়া ভাৰতৰ বিকাশৰ এক গুৰুত্বপূৰ্ণ অঞ্চল হিচাপে প্ৰতিফলিত হৈছে।

তেওঁ এই পৰিৱর্তনৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কৃতিত্ব দি কয় যে উত্তৰ-পূবক ৰাষ্ট্ৰীয় উন্নয়নৰ কেন্দ্ৰবিন্দুত স্থান দিয়া, উন্নত সংযোগ ব্যৱস্থা আৰু আন্তঃগাঁথনি বিস্তাৰে অঞ্চলটোৰ অৰ্থনৈতিক আৰু সামাজিক পৰিৱেশক ৰূপান্তৰিত কৰিছে।

নতুন দিল্লী: ইজাক চেণ্টাৰ ফৰ পাব্লিক পলিচিৰ উদ্যোগত আয়োজিত “গ্ৰ’থ কনফাৰেন্স ২০২৬”ত ভাষণ প্ৰদান কৰি অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে কয় যে কেন্দ্ৰীয় মন্ত্ৰী আৰু জ্যেষ্ঠ বিষয়াসকলৰ নিয়মিত ভ্ৰমণে স্থানীয় সমস্যাসমূহ অধিক ফলপ্ৰসূভাৱে সমাধান কৰাত সহায় কৰিছে, যাৰ ফলত সমগ্ৰ উত্তৰ-পূব অঞ্চলত উন্নয়নৰ গতি ত্বৰান্বিত হৈছে।

তেওঁ লগতে অৰুণাচল প্ৰদেশক কৌশলগতভাৱে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু প্ৰাকৃতিক সম্পদে সমৃদ্ধ এখন ৰাজ্য হিচাপে উল্লেখ কৰে। খাণ্ডুৱে কয় যে উত্তৰ-পূবৰ ভিতৰত আটাইতকৈ বৃহৎ এই ৰাজ্যখন ভাৰতৰ পূব আৰু উত্তৰ সীমান্তৰ সৈতে সংযুক্ত হৈ থকাৰ বাবে ৰাষ্ট্ৰীয় দৃষ্টিকোণৰ পৰা বিশেষ তাৎপৰ্য বহন কৰে।

ঐতিহাসিক প্ৰেক্ষাপট দাঙি ধৰি খাণ্ডুৱে কয় যে ৰাজ্যখন North East Frontier Agency (NEFA) হিচাপে আৰম্ভ হৈ ১৯৭২ চনত কেন্দ্ৰীয় শাসিত অঞ্চললৈ উন্নীত হৈছিল আৰু ১৯৮৭ চনত পূৰ্ণ ৰাজ্যৰ মৰ্যাদা লাভ কৰিছিল। তেওঁ লগতে ৰাজ্যখনৰ সমৃদ্ধ সাংস্কৃতিক বৈচিত্ৰ্যৰ কথা উল্লেখ কৰি কয় যে ইয়াত ২৬টা মুখ্য জনজাতি আৰু ১০০ৰো অধিক উপ-জনজাতি আছে, আৰু বিভিন্ন সম্প্ৰদায়ৰ মাজত হিন্দী সাধাৰণ যোগাযোগ ভাষা হিচাপে ব্যৱহাৰ হয়।

অৰ্থনৈতিক সম্ভাৱনাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰী খাণ্ডুৱে অৰুণাচল প্ৰদেশক জলবিদ্যুৎ উৎপাদনৰ এক “পাৱাৰহাউচ” বুলি উল্লেখ কৰে। তেওঁ কয় যে বৰ্তমান প্ৰায় ১৯,০০০ মেগাৱাট ক্ষমতাৰ প্ৰকল্পসমূহ বিকাশৰ অধীনত আছে, আৰু ২০৪৭ চনৰ ভিতৰত ইয়াক দীৰ্ঘম্যাদীভাৱে ৪০,০০০ মেগাৱাটলৈ উন্নীত কৰাৰ লক্ষ্য ধৰা হৈছে।

তেওঁ শাসন ব্যৱস্থাৰ সংস্কাৰৰ কথাও উল্লেখ কৰি কয় যে স্বচ্ছতা আৰু জবাবদিহিতা বৃদ্ধি কৰাৰ বাবে বিশেষকৈ নিযুক্তি প্ৰক্ৰিয়াত গুৰুত্ব দিয়া হৈছে। গ্ৰুপ C আৰু D পদৰ বাবে স্বচ্ছ Staff Selection Board গঠন আৰু Public Service Commissionত কৰা সংস্কাৰৰ ফলত জনসাধাৰণৰ আস্থা বৃদ্ধি পাইছে আৰু যোগ্যতাৰ ভিত্তিত নিযুক্তি নিশ্চিত হৈছে।

শিক্ষা ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ (National Education Policy 2020) অনুসৰি গুণগত মান উন্নত কৰাৰ বাবে চলি থকা প্ৰচেষ্টাৰ কথা উল্লেখ কৰে, আৰু ২০৩০ চনৰ ভিতৰত ইয়াৰ সম্পূৰ্ণ ৰূপায়ণৰ লক্ষ্য ধৰা হৈছে।

এই উদ্যোগৰ অংশ হিচাপে ৬০০ৰো অধিক অকাৰ্যকৰী বিদ্যালয় যুক্তিসংগতভাৱে পুনৰ্গঠন (rationalisation) কৰাৰ লগতে সমাজৰ সক্ৰিয় অংশগ্ৰহণ বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। তেওঁ উচ্চ শিক্ষাৰ বিস্তাৰ আৰু স্বাস্থ্য আন্তঃগাঁথনিৰ উন্নয়নৰ কথাও উল্লেখ কৰে, যাৰ ভিতৰত নতুন চিকিৎসা মহাবিদ্যালয় স্থাপনো অন্তৰ্ভুক্ত।

পৰিবেশীয় স্থায়িত্বৰ বিষয়ত খাণ্ডুৱে কয় যে ৰাজ্যখনে ভাৰতৰ COP26 ত কৰা প্ৰতিশ্ৰুতিৰ সৈতে সামঞ্জস্য ৰাখি উন্নয়ন কৌশল প্ৰস্তুত কৰিছে, য’ত সমাজৰ অংশগ্ৰহণৰ জৰিয়তে বিকাশ আৰু সংৰক্ষণৰ মাজত সমতা বজাই ৰখাৰ ওপৰত গুৰুত্ব দিয়া হৈছে।

তেওঁ লগতে “SevaAapkeDwar” আৰু “Sarkar AapkeDwar”ৰ দৰে উদ্যোগসমূহৰ কথা উল্লেখ কৰে, যাৰ জৰিয়তে দূৰ্গম অঞ্চলসমূহলৈ চৰকাৰী সেৱা আগবঢ়োৱা হৈছে। এই পদক্ষেপসমূহে তৃণমূল পৰ্যায়ৰ শাসন ব্যৱস্থা শক্তিশালী কৰাৰ লগতে জনসাধাৰণৰ আস্থা বৃদ্ধিত সহায় কৰিছে। (IANS)

অধিক পঢ়ক - শিৱসাগৰত হেমচন্দ্ৰ বৰুৱাৰ ১৩০ সংখ্যক মৃত্যু বাৰ্ষিকী পালন কৰা হয়

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com