উত্তৰ-পূৰ্বাঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ বাবে অতিৰিক্ত ২ হাজাৰ কোটি টকা আৱণ্টন কেন্দ্ৰ চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ (মূল) উত্তৰ-পূৰ্বাঞ্চলৰ [NH(O)-NE] আঁচনিৰ অধীনত ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড (NHIDCL)-ক অতিৰিক্ত ২ হাজাৰ কোটি টকা মুকলি কৰি দিছে।
উত্তৰ-পূৰ্বাঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ বাবে অতিৰিক্ত ২ হাজাৰ কোটি টকা আৱণ্টন কেন্দ্ৰ চৰকাৰৰ
Published on

গুৱাহাটীঃ কেন্দ্ৰীয় চৰকাৰে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ (মূল) উত্তৰ-পূৰ্বাঞ্চলৰ [NH(O)-NE] আঁচনিৰ অধীনত ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড (NHIDCL)-ক অতিৰিক্ত ২ হাজাৰ কোটি টকা মুকলি কৰি দিছে।

এই অতিৰিক্ত ধনৰ সৈতে NH(O)-NE আঁচনিৰ অধীনত মুঠ সংশোধিত আৱণ্টন ৩,৫০০ কোটি টকালৈ বৃদ্ধি পাইছে।

পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে (MoRTH) আজি এই সন্দৰ্ভত এক চৰকাৰী জাননী জাৰি কৰে।

জাননী অনুসৰি, এই ধন ৰাস্তা আৰু সেঁতুৰ মূলধনী ব্যয়, ৰাষ্ট্ৰীয় ঘাইপথ, পথ নিৰ্মাণ, উত্তৰ-পূৰ্বাঞ্চলত বিশেষ ত্বৰান্বিত পথ উন্নয়ন কাৰ্যসূচী, ৰাজ্যিক PWD আৰু আন্তঃগাঁথনি সম্পদৰ অধীনত ব্যয় কৰা হ’ব।

ইয়াৰ উপৰিও জাননীত কোৱা হৈছে যে ২০২৬-২৭ বিত্তীয় বৰ্ষত NH(O)-NE আঁচনিৰ বাবে NIF-ৰ অধীনত মুঠ ১৭,৫৫৮ কোটি টকাৰ বাজেট ধাৰ্য কৰা হৈছে।

NHIDCL-ক ২ হাজাৰ কোটি টকা মুকলি কৰাৰ পিছত ১৪,০৫৮ কোটি টকা সংৰক্ষিত বা অবশিষ্ট থাকিব। এই ধন কেৱল মন্ত্রণালয়ে NHIDCL-ক দায়িত্ব দিয়া ৰাষ্ট্ৰীয় ঘাইপথৰ কামতহে ব্যয় কৰিব লাগিব।

অধিক পঢ়ক - কেলচিয়াম কাৰ্বাইডেৰে পকোৱা আম খোৱাৰ পৰা সাৱধান! কৃত্ৰিমভাৱে পকোৱা আমে বজাৰ ভৰিছে

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com