উৰপদ বিলত প্ৰথমবাৰৰ বাবে বিৰল বেণ্ট-টোড গেকোৰ সন্ধান

অসমৰ প্ৰাকৃতিক বৈচিত্ৰ্যই পুনৰ এবাৰ নতুন আশ্চৰ্য উন্মোচন কৰিছে। গোলপাৰা জিলাৰ উৰপদ বিলত প্ৰথমবাৰৰ বাবে ‘বেণ্ট-টোড গেকো’ (Cyrtodactylus bapme) প্ৰজাতিৰ টিকটিকি চিনাক্ত হোৱাত ৰাজ্যৰ জীৱ বৈচিত্ৰ্যত নতুন প্ৰজাতি সংযোজিত হৈছে।
উৰপদ বিলত প্ৰথমবাৰৰ বাবে বিৰল বেণ্ট-টোড গেকোৰ সন্ধান
Published on

গুৱাহাটীঃ অসমৰ প্ৰাকৃতিক বৈচিত্ৰ্যই পুনৰ এবাৰ নতুন আশ্চৰ্য উন্মোচন কৰিছে। গোলপাৰা জিলাৰ উৰপদ বিলত প্ৰথমবাৰৰ বাবে ‘বেণ্ট-টোড গেকো’ (Cyrtodactylus bapme) প্ৰজাতিৰ টিকটিকি চিনাক্ত হোৱাত ৰাজ্যৰ জীৱ বৈচিত্ৰ্যত নতুন প্ৰজাতি সংযোজিত হৈছে।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক্সত লিখে, “প্ৰকৃতিয়ে অসমৰ পৰা নিত্য নতুন আশ্চৰ্য উন্মোচন কৰি আছে। উৰপদ বিলত প্ৰথমবাৰৰ বাবে বেণ্ট-টোড গেকোৰ উপস্থিতি নিশ্চিত হোৱাটো আমাৰ পৰিৱেশ ব্যৱস্থাই কিমান সমৃদ্ধ জীৱ বৈচিত্ৰ্য বহন কৰে তাৰ এক উদাহৰণ। সংৰক্ষণৰ বাবে অব্যাহত প্ৰচেষ্টাৰ ফলতেই এনে সংবেদনশীল বাসস্থানসমূহত বিভিন্ন প্ৰজাতিয়ে বিকাশ লাভ কৰি আছে।”

অধিক পঢ়ক - সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত দ্বৈত মানদণ্ড চলিব নোৱাৰে: NSA অজিত ডোভাল

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com