

বঙাইগাঁও: যোগীঘোপাত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে, স্থানীয় এজন কাঠমিস্ত্ৰী পৰিতোষ মালোৱে তেওঁৰ কষ্টোপাৰ্জিত বীমাৰ ধন হেৰুৱাইছে।
ঘটনাৰ বিৱৰণ দি মালোৱে কয় যে তেওঁ যোগীঘোপা শাখাৰ ICICI Bank-ৰ পৰা ১,৪৫,০০০ টকা উলিয়াই নিজৰ চাইকেলেৰে ঘৰলৈ গৈ আছিল।
মালোৰ ভাষ্য অনুসৰি “মই সাধাৰণভাৱে ঘৰলৈ গৈ আছিলোঁ। হঠাতে পিছফালৰ পৰা এখন বাইকত দুজন মানুহ আহিল। মই কিবা বুজি পোৱাৰ আগতেই তেওঁলোকে মোৰ বেগটো কাঢ়ি লৈ দ্ৰুতগতিত পলাই গ’ল,” । লগে লগে তেওঁ ধাক্কা খাই চাইকেলৰ পৰা ভাৰসাম্য হেৰাই ৰাস্তাত পৰি যায়। উঠি চোৱাৰ আগতেই তেওঁলোক নোহোৱা হৈ গৈছিল।
চুৰি হোৱা বেগটোত কেৱল টকাই নহয়, তেওঁৰ ম'বাইল ফোন, বেংক পাছবুক আৰু আধাৰ কাৰ্ডো আছিল।
ঘটনাৰ পিছত মালোৱে যোগীঘোপা আৰক্ষী থানা-ত অভিযোগ দাখিল কৰে। আৰক্ষীয়ে গোচৰ ৰুজু কৰি অভিযুক্তসকলক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰিবলৈ তদন্ত আৰম্ভ কৰিছে।
অধিক পঢ়ক - শিলচৰত মৃত অৱস্থাত উদ্ধাৰ গৰ্ভৱতী মহিলা, পৰিয়ালৰ অভিযোগৰ পিছত গ্ৰেপ্তাৰ স্বামী