ভোট গণনাৰ বাবে ৪ মে'ত ড্ৰাই ডে ঘোষণা, কামৰূপ মহানগৰ জিলা প্ৰশাসন

ভোটগণনা প্ৰক্ৰিয়াৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলা প্ৰশাসনে ৪ মে’ত সমগ্ৰ জিলাতে ড্ৰাই ডে ঘোষণা কৰিছে।
ভোট গণনাৰ বাবে ৪ মে'ত ড্ৰাই ডে ঘোষণা, কামৰূপ মহানগৰ জিলা প্ৰশাসন
Published on

গুৱাহাটী: ভোটগণনা প্ৰক্ৰিয়াৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলা প্ৰশাসনে ৪ মে’ তাৰিখে সমগ্ৰ জিলাত ড্ৰাই ডে ঘোষণা কৰিছে।

জিলা আয়ুক্তই জাৰি কৰা এক চৰকাৰী আদেশ অনুসৰি, সকলো হোপাইকাৰী আৰু খুচুৰা সুৰাৰ বিপণী, IMFL আৰু দেশীয় মদৰ দোকানসমূহ ভোটগণনা সম্পূৰ্ণ নোহোৱা পৰ্যন্ত বন্ধ থাকিব।

এই নিৰ্দেশনাত বাৰ, ক্লাব, হোটেল আৰু স্থানীয় মদ উৎপাদন কেন্দ্ৰসমূহো বন্ধ ৰাখিবলৈ বাধ্যবাধকতা আৰোপ কৰা হৈছে। এই সময়ছোৱাত মদৰ বিক্ৰী আৰু পৰিবহণ কঠোৰভাৱে নিষিদ্ধ থাকিব।

জিলা প্ৰশাসনে সকলো লাইচেন্সধাৰী আৰু সাধাৰণ জনতাক এই আদেশ মানি চলিবলৈ আহ্বান জনাইছে আৰু কোনো ধৰণৰ নিয়ম উলংঘন হ’লে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সতৰ্ক জাৰি কৰিছে।

অধিক পঢ়ক - বশিষ্ঠ আৰক্ষীয়ে খানাপাৰাৰ এক অভিযানত চাৰিজনক উদ্ধাৰ কৰি ৩৯ গ্ৰাম হেৰ’ইন আৰু ভায়েল জব্দ কৰে

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com