

গুৱাহাটী: অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’ৰ্ডে স্পষ্ট কৰি জনাইছে যে অন্য মাধ্যমত অধ্যয়ন কৰা শিক্ষাৰ্থীয়েও ইংৰাজী মাধ্যমত সাধাৰণ গণিত আৰু সাধাৰণ বিজ্ঞান বিষয় পঢ়িব পাৰিব। যদি বিদ্যালয়খনত এই দুটা বিষয় ইংৰাজী মাধ্যমত পঢ়োৱাৰ সুবিধা থাকে।
ASSEB-ৰ জাননীত কোৱা হৈছে, “নৱম শ্ৰেণীৰ কোনো শিক্ষাৰ্থীয়ে আন বিষয়সমূহ অন্য মাধ্যমত পঢ়িলেও সাধাৰণ গণিত আৰু সাধাৰণ বিজ্ঞান ইংৰাজী মাধ্যমত অধ্যয়ন কৰাত কোনো বাধা নাই, যদি বিদ্যালয়খনত সেই সুবিধা উপলব্ধ থাকে।”
বোর্ডে লগতে স্পষ্ট কৰে যে ২০২৬–২৭ শিক্ষাবৰ্ষৰ বাবে নৱম শ্ৰেণীৰ পঞ্জীয়ন প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ হোৱাৰ বাবে, অন্য মাধ্যমত পঢ়ি ইংৰাজী মাধ্যমত গণিত আৰু বিজ্ঞান লোৱা শিক্ষাৰ্থীৰ পঞ্জীয়ন প্ৰক্ৰিয়া বা পঞ্জীয়ন কাৰ্ডত কোনো পৰিবর্তনৰ প্ৰয়োজন নাই।
ASSEB-য়ে বিদ্যালয় আৰু শিক্ষাৰ্থীসকলক আশ্বাস দিয়ে যে নৱম শ্ৰেণীৰ পঞ্জীয়নত এটা মাধ্যম উল্লেখ কৰা হলেও ভৱিষ্যতে কোনো সমস্যা নহ’ব। HSLC পৰীক্ষাত বহাৰ সময়ত বিষয়ভিত্তিক মাধ্যমৰ তথ্য পৃথকভাৱে সংগ্ৰহ কৰা হ’ব, যাতে উত্তৰপত্ৰ সঠিকভাৱে মূল্যায়ন কৰিব পৰা যায়।
অধিক পঢ়ক - অন্তৱৰ্তীকালীনভাৱে সংসদীয় পৰিক্ৰমা বিভাগৰ দায়িত্ব চম্ভালিব মন্ত্ৰী অতুল বৰাই