

গুৱাহাটীঃ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবিন আৰু সাধাৰণ সম্পাদক দুষ্যন্ত কুমাৰ গৌতমক সাক্ষাৎ কৰে।
দলৰ সভাপতিক সাক্ষাৎ কৰাৰ পিছত মুখ্যমন্ত্ৰীয়ে কয়, “আমি সংকল্প পত্ৰ ৰূপায়ণৰ পথনক্সা আৰু আন কিছুমান গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰিছো। তেওঁৰ দিহা-পৰামৰ্শৰ বাবে মই কৃতজ্ঞ।”
মুখ্যমন্ত্ৰীয়ে দিল্লীত থকা বিজেপিৰ মুখ্য কাৰ্যালয়তো গৈ সাধাৰণ সম্পাদক দুষ্যন্ত কুমাৰ গৌতমক সাক্ষাৎ কৰে। গৌতমে কয়, “অসম বিধানসভা নিৰ্বাচনত ঐতিহাসিক জয় আৰু মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ বাবে মই তেওঁক শুভেচ্ছা জনাইছোঁ।”
সূত্ৰ অনুসৰি, মুখ্যমন্ত্ৰীয়ে দলৰ সভাপতিক অসম মন্ত্ৰীসভা সম্প্ৰসাৰণৰ বিষয়তো প্ৰায় ৪০ মিনিট আলোচনা কৰে। লগতে চৰকাৰে কেনেকৈ নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰিব সেই বিষয়তো আলোচনা কৰে।
ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীয়ে বিজেপিৰ ৰাষ্ট্ৰীয় সংগঠন সম্পাদক বি এল সন্তোষকো সাক্ষাৎ কৰি প্ৰায় আধা ঘণ্টা আলোচনা কৰে।
১৬ সংখ্যক অসম বিধানসভাৰ প্ৰথম অধিৱেশন ২১ মে’ৰ পৰা আৰম্ভ হ’ব। নতুনকৈ নিৰ্বাচিত বিধায়কে ২২ মে’ত শপত গ্ৰহণ কৰিব।
যদিও মুখ্যমন্ত্ৰীয়ে জুন মাহৰ প্ৰথম সপ্তাহত মন্ত্ৰীসভা সম্প্ৰসাৰণ হ’ব বুলি ঘোষণা কৰিছিল, দলীয় সূত্ৰে জনোৱা মতে ১৫ জুনৰ আগতে এই সম্প্ৰসাৰণ হোৱাৰ সম্ভাৱনা কম।
কাৰণ ১৬ মে’ৰ পৰা ১৫ জুনলৈ চলি থকা মল মাহ (অধিমাস) ১৬ জুনত শেষ হ’ব। এই মাহক বহুতে অশুভ বুলি গণ্য কৰে।
অধিক পঢ়ক - অন্তৱৰ্তীকালীনভাৱে সংসদীয় পৰিক্ৰমা বিভাগৰ দায়িত্ব চম্ভালিব মন্ত্ৰী অতুল বৰাই