

ডিব্ৰুগড়ঃ অসমৰ অন্যতম বৃহৎ চিকিৎসা প্ৰতিষ্ঠান অসম মেডিকেল কলেজ আৰু হাস্পতাল (AMCH)-ৰ চৌহদ আৰু ইয়াৰ আশে-পাশে দ্রুতগতিত বৃদ্ধি পোৱা পথৰ কাষৰ দোকান, খাদ্য ষ্টল আৰু অস্থায়ী ব্যৱসায়ীক লৈ গুৰুতৰ প্রশ্ন উত্থাপন হৈছে।
এই খাদ্যসমূহ স্বাস্থ্যসম্মত আৰু বৈজ্ঞানিকভাৱে প্ৰস্তুত কৰা হয় নেকি? খাদ্য সুৰক্ষাৰ মৌলিক নিয়ম মানি চলা হয় নেকি? নে এই অনিয়ন্ত্ৰিত দোকানসমূহ বিভিন্ন বিপজ্জনক ৰোগৰ উৎস হৈ পৰিছে?
ডিব্ৰুগড়ৰ যুৱ নেতা তথা সচেতন নাগৰিক উজ্জ্বল কাশ্যপে এই পৰিস্থিতিক তীব্ৰ সমালোচনা কৰি কয় যে হাস্পতালৰ ভিতৰ আৰু বাহিৰত অনিয়ন্ত্ৰিতভাৱে বৃদ্ধি পোৱা এনে দোকানসমূহে ৰোগী, আত্মীয়-স্বজন আৰু সাধাৰণ লোকৰ স্বাস্থ্যৰ বাবে ডাঙৰ বিপদ সৃষ্টি কৰিছে।
কাশ্যপৰ অভিযোগ অনুসৰি বহু বিক্ৰেতাই অস্বাস্থ্যকৰ পৰিবেশত ব্যৱসায় চলাই আছে। বহু ঠাইত বিশুদ্ধ পানী, সঠিক আৱৰ্জনা নিষ্কাশন ব্যৱস্থা বা বিজ্ঞানসম্মত খাদ্য সংৰক্ষণৰ সুবিধা নাই। আনকি নলা-নৰ্দমা আৰু আৱৰ্জনাৰ কাষতো খাদ্য প্ৰস্তুত আৰু বিক্ৰী কৰা হৈছে বুলি অভিযোগ উত্থাপন হৈছে। ইয়াৰ ফলত খাদ্য বিষক্ৰিয়া, সংক্ৰমণ আৰু অন্যান্য মাৰাত্মক ৰোগৰ আশংকা বৃদ্ধি পাইছে।
এতিয়া ডাঙৰ প্রশ্ন উঠিছে— এই অবৈধ দোকানসমূহক সুৰক্ষা দিছে কোনে? AMCH কৰ্তৃপক্ষ, পৌৰসভা, খাদ্য সুৰক্ষা বিভাগ আৰু জিলা প্ৰশাসনে কিয় এই বিষয়ত নীৰৱতা পালন কৰি আছে?
উজ্জ্বল কাশ্যপে কয়, “দুৰ্বল প্ৰশাসন আৰু নজৰদাৰীৰ অভাৱৰ সুযোগ লৈ কিছুমান গোটে ৰাজহুৱা স্থানসমূহ দখল কৰি আছে। ডিব্ৰুগড়ৰ পথ, হাস্পতাল, শিক্ষানুষ্ঠান আৰু বজাৰ এলেকা ধীৰে ধীৰে অবৈধ বিক্ৰেতাৰ দখললৈ গৈ আছে। এতিয়াই কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰিলে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যাব পাৰে।”
তেওঁ আৰু অভিযোগ কৰে যে ডিব্ৰুগড়ৰ গুৰুত্বপূৰ্ণ পথ, বজাৰ, কলেজ আৰু হাস্পতাল এলেকাসমূহ এতিয়া অবৈধ বিক্ৰীৰ কেন্দ্ৰত পৰিণত হৈছে, যাৰ ফলত যানজঁট, অস্বাস্থ্যকৰ পৰিবেশ আৰু জনসাধাৰণৰ অসুবিধা বৃদ্ধি পাইছে।
এই ঘটনাই সচেতন নাগৰিকসকলৰ মাজত উদ্বেগৰ সৃষ্টি কৰিছে। বহুতে মত প্ৰকাশ কৰিছে যে যদি এখন ডাঙৰ চিকিৎসা প্ৰতিষ্ঠানেও নিজৰ চৌহদত স্বাস্থ্য আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিব নোৱাৰে, তেন্তে সাধাৰণ জনসুৰক্ষাই বিপদৰ সন্মুখীন হ’ব পাৰে।
এতিয়া সকলোৰে দৃষ্টি জিলা প্ৰশাসন আৰু AMCH কৰ্তৃপক্ষৰ ওপৰত— তেওঁলোকে এই অভিযোগসমূহৰ ওপৰত কঠোৰ ব্যৱস্থা ল’ব নে পুনৰ উপেক্ষা কৰিব।
অধিক পঢ়ক - অসমত প্ৰযুক্তিনিৰ্ভৰ IPL বেটিং চক্ৰৰ ওপৰত ED-ৰ অভিযান; নগদ ধন, বিলাসী গাড়ী জব্দ আৰু বেংক একাউণ্ট ফ্ৰীজ