

গুৱাহাটীঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমক এখন শিল্প হাব হিচাপে গঢ়ি তুলিবলৈ অধিক জোৰ দিছে। এই লক্ষ্য পূৰণৰ বাবে তেওঁ নিজে শিল্পায়নৰ প্ৰতিটো কাম তদাৰক কৰি আছে।
মুখ্যমন্ত্ৰীয়ে উদ্যোগপতিসকলক আহ্বান জনাই কয়, “যিসকল উদ্যোগপতিয়ে অসমত উদ্যোগ স্থাপন কৰিব বিচাৰে, তেওঁলোকে নিৰ্ভয়ে যোগাযোগ কৰিব পাৰে। অসমৰ শিল্পায়ন সফল কৰিবলৈ মই নিজে সকলো কাম তদাৰক কৰি আছো।
আজি মুখ্যমন্ত্ৰীয়ে জাগীৰোডস্থিত টাটা ছেমিকণ্ডাক্টৰ প্লাণ্টৰ অগ্ৰগতি পৰ্যবেক্ষণ কৰে। তেওঁ কয়, “প্লাণ্টটোৰ কাম দ্রুতগতিত আগবাঢ়িছে। অতি সোনকালে উৎপাদন আৰম্ভ হ’ব আৰু ‘মেড ইন অসম’ ছেমিকণ্ডাক্টৰ চিপৰ আনুষ্ঠানিক উৎপাদন আৰম্ভ হ’ব।”
কেন্দ্ৰীয় চৰকাৰৰ ৩৩,৬০০ কোটি টকাৰ ‘ভাভ্যা’ (Bharat Audyogik Vikash Yojona) আঁচনিৰ অধীনত অসমত ৮টা অগ্ৰাধিকাৰ শিল্প পাৰ্ক গঢ়ি তোলা হ’ব। ইতিমধ্যে ১৫টা স্থান উন্নয়ন কৰা হৈছে। এই শিল্প পাৰ্কসমূহত আগতীয়াকৈ অনুমোদিত ভূমি, বিদ্যুৎ, ড্ৰেইনেজ, আইচিটি আদি সুবিধা থাকিব, যাতে উদ্যোগ স্থাপনত জটিলতা কমে।
মুখ্যমন্ত্ৰীয়ে কয় যে অসম এতিয়া ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বিকাশ হোৱা ৰাজ্যসমূহৰ ভিতৰত অন্যতম। ৰাজ্যখনৰ জিএছডিপি বৃদ্ধিৰ হাৰ বছৰি ১৭.৩ শতাংশ আৰু বিগত পাঁচ বছৰত ৪৫ শতাংশ বৃদ্ধি পাইছে। উন্নত যোগাযোগ ব্যৱস্থা, আন্তঃগাঁথনি, বিনিয়োগ অনুকূল পৰিবেশ, উন্নত আইন-শৃংখলা আৰু স্থিৰ বিদ্যুৎ যোগানৰ বাবেই এই অগ্ৰগতি সম্ভৱ হৈছে।
অধিক পঢ়ক - হিমন্ত বিশ্ব শৰ্মাই- নীতিন নবিনক সাক্ষাৎ কৰি মন্ত্ৰীসভা সম্প্ৰসাৰণকে ধৰি বিভিন্ন বিষয়ত আলোচনা কৰে