

গুৱাহাটী: ভাৰতৰ মুখ্য ন্যায়াধীশৰ পৰা লাভ কৰা এখন জাননী অনুসৰণত গুৱাহাটী উচ্চ ন্যায়ালয়ে এখন SOP (Standard Operating Procedure) জাৰি কৰিছে, য’ত উচ্চ ন্যায়ালয় আৰু ইয়াৰ অধীনস্থ বিভাগ তথা জিলা ন্যায়ালয়সমূহে গ্ৰহণ কৰিবলগীয়া মিতব্যয়ী ব্যৱস্থাসমূহ উল্লেখ কৰা হৈছে।
SOP অনুসৰি, যি ২৫ মে’, ২০২৬ৰ পৰা কাৰ্যকৰী হ’ব আৰু ২৬ জুন, ২০২৬লৈ চলিব, সোমবাৰ আৰু শুকুৰবাৰে আদালতত তালিকাভুক্ত সকলো গোচৰ সম্ভৱ হলে ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে শুনানি কৰা হ’ব।
ইন্ধনৰ সঠিক ব্যৱহাৰ নিশ্চিত কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলক সম্ভৱ হলে কাৰ-পুলিং ব্যৱস্থা গ্ৰহণ কৰিবলৈ উৎসাহিত কৰা হৈছে। প্ৰশাসনিক কাম-কাজৰ বাবে চৰকাৰী বাহনৰ ব্যৱহাৰ সীমিত কৰা হ’ব। বিভাগ/শাখাসমূহক নিৰ্দেশ দিয়া হৈছে যে সম্ভৱ হলে একেটা যাত্ৰাত একাধিক কাম সংযুক্ত কৰি সম্পন্ন কৰা হ’ব।
SOP ত আৰু কোৱা হৈছে যে প্ৰতিটো শাখাত কৰ্মচাৰীৰ ৫০ শতাংশলৈকে এদিন এৰি এদিন (alternate day) কাৰ্যালয়ত উপস্থিত থাকিব। প্ৰশাসনিক সুবিধা অনুসৰি এই ব্যৱস্থা প্ৰযোজ্য হ’ব।
ই-অফিচ প্লেটফৰ্মৰ জৰিয়তে সকলো প্ৰশাসনিক ফাইল চলাচল আৰু যোগাযোগ কঠোৰভাৱে সম্পন্ন কৰিব লাগিব। ভৌতিক (physical) ফাইল চলাচলক উৎসাহিত কৰা নহ’ব, যদি বিশেষভাৱে প্ৰয়োজনীয় নহয় আৰু ই-প্ৰক্ৰিয়াৰ মাধ্যমে সম্ভৱ নহয়।
কৰ্মচাৰীসকলে যি সময়ত কাৰ্যালয়ত উপস্থিত নাথাকে, তেওঁলোকে কাৰ্যালয় সময়ত ফোন/মোবাইল আৰু ই-অফিচৰ জৰিয়তে সদায় উপলব্ধ থাকিব লাগিব আৰু প্ৰয়োজন হলে কম সময়ৰ ভিতৰত কাৰ্যালয়ত উপস্থিত হ’বলৈ সাজু থাকিব লাগিব।
সম্বন্ধিত শাখাৰ ৰেজিষ্ট্ৰাৰসকলে প্ৰতিটো সপ্তাহ আৰম্ভ হোৱাৰ আগতে সাপ্তাহিক ৰোস্টাৰ প্ৰস্তুত কৰি জাননী দিব লাগিব।
প্ৰশাসনিক বিষয়া (ন্যায়িক)সকলে ই-অফিচ ড্যাশবোর্ড নিৰীক্ষণ কৰি নিযুক্ত কামসমূহ সময়মতে সম্পন্ন হোৱাটো নিশ্চিত কৰিব লাগিব।
SOP ত আৰু কোৱা হৈছে যে বিভিন্ন কমিটীৰ সকলো প্ৰশাসনিক সভা ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে অনুষ্ঠিত কৰা হ’ব, আৰু সেই সভাসমূহৰ সংক্ষিপ্ত বিবৰণ (briefs) ই-মেইলৰ জৰিয়তে কমিটীৰ সদস্যসকলক প্ৰেৰণ কৰা হ’ব।
ইয়াত লগতে উল্লেখ কৰা হৈছে যে প্ৰট'কল শাখা, ফাইলিং শাখা, কপিয়িং শাখা, বেঞ্চ শাখা, কম্পিউটাৰ শাখা আৰু ই-কৰ্টছ বিভাগক এই ৱৰ্ক-ফ্ৰম-হোম ব্যৱস্থা আৰু ইন্ধন সংৰক্ষণ ব্যৱস্থাৰ পৰা অব্যাহতি দিয়া হৈছে।
এই শাখাসমূহৰ কাম-কাজ অত্যাৱশ্যকীয় হোৱাৰ বাবে—বিশেষকৈ শাৰীৰিক সমন্বয়ৰ প্ৰয়োজনীয়তা আৰু ভিডিঅ’ কনফাৰেঞ্চ আৰু চাৰ্ভাৰ ব্যৱস্থাৰ স্থিৰতা বজাই ৰখাৰ প্ৰযুক্তিগত দায়িত্বৰ বাবে—এই বিভাগসমূহে সম্পূৰ্ণৰূপে কাৰ্যালয়ত উপস্থিত থাকি কাম কৰিব লাগিব, যাতে আদালতৰ কাম-কাজ আৰু প্ৰশাসনিক সহায় অব্যাহত থাকে।
যদি কোনো যোগ্য কৰ্তৃপক্ষই ভাবে যে ৰোস্টাৰ ব্যৱস্থাই কোনো বিশেষ শাখাৰ অত্যাৱশ্যকীয় কাম-কাজত বাধা সৃষ্টি কৰিছে, তেন্তে ৰেজিষ্ট্ৰাৰ জেনেৰেলৰ আগতীয়া অনুমোদনৰ জৰিয়তে সেই শাখাৰ বাবে এই ব্যৱস্থা সলনি বা সীমিত কৰিব পাৰিব।
ইয়াৰ লগতে কোৱা হৈছে যে অসম, নাগালেণ্ড, মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ জিলা ন্যায়াধীশ, মুখ্য ন্যায়িক দণ্ডাধীশ আৰু উপ-বিভাগীয় ন্যায়িক দণ্ডাধীশসকলে নিজ নিজ জিলাত এই SOP কাৰ্যকৰী কৰাৰ বাবে পৃথক জাননী জাৰি কৰিব লাগিব।
অধিক পঢ়ক - অসম বিধানসভাৰ অধ্যক্ষ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিলে ৰণজীত কুমাৰ দাসে