

গুৱাহাটীঃ অসম বিধানসভাত UCC বিধেয়ক গৃহীত হোৱাৰ পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নিতিন নবীন, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আদি নেতাসকলে অসমবাসীক অভিনন্দন জনায়।
অমিত শ্বাহে কয় যে, “উত্তৰাখণ্ড আৰু গুজৰাটৰ পিছত অসমতো আজি UCC বিধেয়ক গৃহীত হোৱাত মই আনন্দিত। এই উপলক্ষে মুখ্যমন্ত্ৰী আৰু এই বিধেয়ক সমৰ্থন কৰা সকলো বিধায়কক অভিনন্দন জনাইছো। দেশৰ সকলো ঠাইত আইনৰ আগত সমতা নিশ্চিত কৰিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ।”
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নিতিন নবীনে কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দিশ-নিৰ্দেশনা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰৰ এই ঐতিহাসিক সিদ্ধান্তৰ বাবে আন্তৰিক অভিনন্দন। অসম বিধানসভাত UCC বিধেয়ক গৃহীত হোৱাটো দেশত সমান অধিকাৰ আৰু একে নাগৰিক ব্যৱস্থাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ।”
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “এই ঐতিহাসিক সংস্কাৰসমূহে মহিলাৰ সশক্তিকৰণ, সমান অধিকাৰ আৰু সামাজিক সম্প্ৰীতি অধিক শক্তিশালী কৰিব। এই সফলতাৰ বাবে মুখ্যমন্ত্ৰীক অভিনন্দন। তেওঁৰ নেতৃত্বত অসম অধিক সমান আৰু উন্নত ভৱিষ্যতৰ দিশে আগবাঢ়িছে।”
অধিক পঢ়ক - “UCC এ সকলো নাগৰিকক ধৰ্ম নিৰ্বিশেষে আইনৰ আগত সমান অধিকাৰ নিশ্চিত কৰিব,” মুখ্যমন্ত্ৰী