ৰাজনীতিত অহংকাৰৰ কোনো স্থান নাই; প্ৰচাৰৰ ৰাজনীতিতকৈ শান্তি আৰু উন্নয়নক অধিক গুৰুত্ব দিব লাগে: মুখ্যমন্ত্ৰী

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধায়কসকলক, বিশেষকৈ নতুন বিধায়কসকলক, অহংকাৰ নকৰিবলৈ আহ্বান জনাই কয় যে, নিৰ্বাচনত জয়ী হ’লেই কোনো ব্যক্তি “সৰ্বশক্তিমান” হৈ নাযায়।
ৰাজনীতিত অহংকাৰৰ কোনো স্থান নাই; প্ৰচাৰৰ ৰাজনীতিতকৈ শান্তি আৰু উন্নয়নক অধিক গুৰুত্ব দিব লাগে: মুখ্যমন্ত্ৰী
Published on

গুৱাহাটীঃ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধায়কসকলক, বিশেষকৈ নতুন বিধায়কসকলক, অহংকাৰ নকৰিবলৈ আহ্বান জনাই কয় যে, নিৰ্বাচনত জয়ী হ’লেই কোনো ব্যক্তি “সৰ্বশক্তিমান” হৈ নাযায়।

বিধানসভাত ৰাজ্যপালৰ ভাষণৰ ওপৰত হোৱা আলোচনাৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে এই মন্তব্য কৰে। তেওঁ কয়, “মই বিশেষকৈ যুৱ বিধায়কসকলক ক’ব বিচাৰো যে, আপুনি জয়ী হোৱা সমষ্টিটো স্থায়ীভাৱে আপোনাৰ নহয়। যিসকল মানুহে আপোনাক জয়ী কৰিছে, তেওঁলোকেই আপোনাক পৰাজিতো কৰিব পাৰে। অসমৰ মানুহ সচেতন, তেওঁলোকে কোন বিধায়ক অহংকাৰী সেয়া বুজি পায়। ৰাজনীতিত অহংকাৰৰ কোনো স্থান নাই।”

তেওঁ লগতে কয় যে, “পূৰ্বৰ নিৰ্বাচনত বহু বিধায়কে কেৱল নিজৰ ব্যক্তিগত সহায়ক (PA) আৰু বিশেষ দায়িত্বপ্ৰাপ্ত বিষয়া (OSD)-ৰ ওপৰত অধিক নিৰ্ভৰ কৰাৰ বাবেই পৰাজিত হৈছিল। সেয়েহে তেওঁলোকৰ ওপৰত অতিমাত্ৰা নিৰ্ভৰ কৰাৰ ক্ষেত্ৰত সাৱধান হ’ব লাগিব।”

মুখ্যমন্ত্ৰীয়ে কয়, “শান্তি আৰু উন্নয়নৰ বাবেই বিজেপি আৰু ইয়াৰ মিত্ৰদলে ৰাজ্যখনৰ প্ৰায় ৫০ শতাংশ ভোট লাভ কৰিবলৈ সক্ষম হৈছে। অসমৰ জনগণে কেৱল প্ৰচাৰমূলক ৰাজনীতিক বিশেষ গুৰুত্ব নিদিয়ে। আমি সকলো সম্প্ৰদায়ৰ পৰা সমৰ্থন পাইছো। মানুহে শান্তি আৰু উন্নয়ন বিচাৰে। আমাৰ ৰাজনীতি সকলোৰে উন্নয়নৰ বাবে।”

তেওঁ লগতে স্পষ্ট কৰে যে, “আগন্তুক পাঁচ বছৰত উন্নয়নৰ লগতে ভূমি আৰু সংস্কৃতি সুৰক্ষা আমাৰ মুখ্য লক্ষ্য হ’ব। উচ্ছেদ অভিযান আৰু বাংলাদেশী অনুপ্ৰৱেশকাৰীক পিছুৱাই দিয়াৰ নীতি অব্যাহত থাকিব।”মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, “অসমৰ শেহতীয়া বিধানসভা নিৰ্বাচনৰ এটা ইতিবাচক দিশ হ’ল, ৮৫ শতাংশ ভোটদান হোৱাৰ পিছতো নিৰ্বাচনৰ আগত আৰু পিছত কোনো ধৰণৰ অশান্তিকৰ ঘটনা সংঘটিত হোৱা নাছিল। অতীতত ৰাজ্যখনৰ আইন-শৃংখলাৰ পৰিস্থিতি ইমান সংবেদনশীল আছিল যে, বৰ্তমানৰ এই শান্তিপূৰ্ণ পৰিবেশ জনসাধাৰণৰ বাবে এক সময়ত কল্পনাৰ বাহিৰত আছিল। অসমত ‘হিংসা’ শব্দটোৰ ঠাই এতিয়া ‘শান্তি’ আৰু ‘উন্নয়ন’ এ লৈছে। ৰাজ্যৰ যুৱক-যুৱতীসকলে চাকৰিৰ বাবে বাহিৰলৈ যাব নালাগে বুলি মানুহে উদ্যোগ স্থাপন হোৱাটো বিচাৰে।”

উন্নয়নৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কয়, “ৰাজ্যত আগতে BPL পৰিয়ালৰ সংখ্যা ৪০ শতাংশ আছিল, যি এতিয়া ১৭ শতাংশলৈ হ্ৰাস পাইছে। আগন্তুক পাঁচ বছৰত ইয়াক ৩ শতাংশলৈ নমাই অনাটো আমাৰ লক্ষ্য। একেদৰে, ৰাজ্যখনত মাতৃ মৃত্যুৰ হাৰ (MMR) আগতে প্ৰতি লাখত ৪৮০ আছিল, যি এতিয়া ৮৪ লৈ নামি আহিছে। আগন্তুক পাঁচ বছৰত ইয়াক প্ৰতি লাখত ৭লৈ নমাই অনাৰ লক্ষ্য লোৱা হৈছে।”

অদিক পঢ়ক - অসমৰ খিলঞ্জীয়া অধিকাৰ সুৰক্ষা আৰু ‘অস্বাভাৱিক জনসংখ্যাগত পৰিবর্তন’ ৰোধৰ বাবে কেন্দ্ৰৰ পদক্ষেপক সমৰ্থন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com