হিমন্ত মুখ্যমন্ত্ৰী হব বিচাৰিছে যদি এ আই ইউ ডি এফত যোগদান কৰক

হিমন্ত মুখ্যমন্ত্ৰী হব বিচাৰিছে যদি এ আই ইউ ডি এফত যোগদান কৰক
Published on

ৰাজ্যত সমাগত পঞ্চায়ত নিৰ্বাচন। ইতিমধ্যে বৃদ্ধি পাইছে ৰাজনৈতিক নেতা সকলৰ মাজত বোকা ছটিওৱা খেল।এবাৰ কংগ্ৰেছে যদি আক্ৰমণ কৰিছে বিজেপিক, অন্যফালে বিজেপিয়ে আক্ৰমণ কৰিছে কংগ্ৰেছ,অগপক, অগপই আক্ৰমণ কৰিছে বিজেপিক। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, বিজেপিৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই বাক যুদ্ধৰ প্ৰধান সেনাপতি। হিমন্ত বিশ্ব শৰ্মাই নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসংগত পৰেশ বৰুৱাক প্ৰত্যাহবান জনাই কৈছে পৰেশ বৰুৱা মূল সূতিলৈ উভতি আহিলে তেওঁ নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিল কৰিব। তৰুণ গগৈ হিমন্তলৈ বাক্যবাণ এৰিছে যে হিমন্ত ২০১৯ত মুখ্যমন্ত্ৰী হব। এই আকৰ্ষণীয় নিৰ্বাচন কেন্দ্ৰীক বাক্যযুদ্ধলৈ এইবাৰ শেল নিক্ষেপ কৰিছে এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলে।কাচাৰৰ এখন নিজ দলৰ প্ৰাৰ্থীৰ প্ৰচাৰ সভাত অংশগ্ৰহন কৰি আজমলে কয় যে হিমন্তৰ যদি মুখ্যমন্ত্ৰী হব মন আছে তেওঁ এ আই ইউ ডি এফ যোগদান কৰিব লাগে।আমি তেওঁক মুখ্যমন্ত্ৰী বনাম। নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসংগত আজমলে বিজেপিক সমালোচনা কৰি এই বিধেয়কৰ দ্বাৰা ৪০ লাখ বাংলাদেশী হিন্দুক নাগৰিকত্ব প্ৰদানৰ অভিসন্ধি বুলি উল্লেখ কৰে।

অধিক খবৰৰ বাবে পঢ়ক: ব্ৰেকিং নিউজ

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com