আজিৰ অসম

UCC বিধেয়কক লৈ বিধানসভাত তীব্ৰ হুলস্থুল, বিৰোধীৰ সমিতিলৈ প্ৰেৰণৰ দাবী; বিজেপিৰ ৰাজনৈতিক এজেণ্ডা বুলি অভিযোগ

অসম বিধানসভাত আজি UCC (Uniform Civil Code) বিধেয়ক গৃহীত কৰাৰ সময়ত বিৰোধী দলৰ বিধায়কসকলে তীব্ৰ হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে।

Sentinel Digital Desk

গুৱাহাটীঃ অসম বিধানসভাত আজি UCC (Uniform Civil Code) বিধেয়ক গৃহীত কৰাৰ সময়ত বিৰোধী দলৰ বিধায়কসকলে তীব্ৰ হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে। তেওঁলোকে অধ্যক্ষৰ আসনৰ সন্মুখত থিয় হৈ প্ৰায় দহ মিনিট ধৰি শ্লোগান দিয়ে।

ইয়াৰ পূৰ্বে বিধেয়কখনৰ ওপৰত হোৱা আলোচনাত বিৰোধী বিধায়কসকলে কয় যে শিশু বিবাহ নিষিদ্ধকৰণ, বিবাহ নিয়ন্ত্ৰণ, বিবাহ বিচ্ছেদ আদি বিষয় ইতিমধ্যে বিদ্যমান আইনসমূহত অন্তৰ্ভুক্ত হৈ আছে। সেয়েহে এই নতুন আইন গৃহীত হ’লে পুৰণি আইনসমূহৰ সৈতে সংঘাত সৃষ্টি হৈ পৰিস্থিতি অধিক জটিল হ’ব বুলি তেওঁলোকে মত প্ৰকাশ কৰে।

বিৰোধী সদস্যসকলে আৰু কয় যে বিধেয়কখন বিধানসভাত উত্থাপন কৰাৰ আগতে চৰকাৰে সকলো পক্ষৰ মতামত লোৱা উচিত আছিল। লগতে তেওঁলোকে প্রশ্ন তোলে যে যদি UCC সকলোৰে বাবে একে আইন হয়, তেন্তে কিয় একাংশ লোকক এই আইনৰ বাহিৰত ৰখা হৈছে।

বিৰোধী দলসমূহে বিধেয়কখন বিধানসভাৰ নিৰ্বাচনী সমিতিলৈ প্ৰেৰণ কৰাৰ দাবী জনায়। তেওঁলোকে এই বিধেয়কক বিজেপিৰ ৰাজনৈতিক এজেণ্ডা বুলিও অভিহিত কৰে।

অধিক পঢ়ক - SIR নিৰ্বাচন আয়োগৰ সাংবিধানিক ক্ষমতাৰ ভিতৰতেই আছে: উচ্চতম ন্যায়ালয়