

নতুন দিল্লীঃ উচ্চতম ন্যায়ালয়ে বুধবাৰে ভাৰতীয় নিৰ্বাচন আয়োগে ভোটাৰ তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণ (SIR) চলোৱাৰ সিদ্ধান্ত বাহাল ৰাখে। আদালতে কয় যে এই পদক্ষেপ সংবিধান আৰু আইনৰ অধীনত নিৰ্বাচন আয়োগৰ অধিকাৰৰ ভিতৰত পৰে আৰু ইয়াৰ লক্ষ্য হৈছে নিৰ্বাচনী প্ৰক্ৰিয়াৰ স্বচ্ছতা আৰু বিশ্বাসযোগ্যতা বজাই ৰখা।
মুখ্য ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগচীৰ বিচাৰপীঠে ৰায় দিয়ে যে SIR প্ৰক্ৰিয়াই জনসাধাৰণৰ প্ৰতিনিধিত্ব আইন, ১৯৫০ (Representation of the People Act, 1950) বা ইয়াৰ অধীনত থকা নিয়ম ভংগ কৰা নাই। আদালতে কয় যে সংবিধানৰ অনুচ্ছেদ ৩২৪ আৰু RPA আইনৰ ধাৰা ২১(৩) অনুসৰি নিৰ্বাচন আয়োগে এনে বিশেষ পুনৰীক্ষণ চলাব পাৰে।
SIR প্ৰক্ৰিয়াৰ বৈধতা প্ৰত্যাহ্বান জনাই দাখিল কৰা একাধিক আবেদনৰ শুনানিৰ পিছত আদালতে তিনিটা মূল বিষয় বিবেচনা কৰে— নিৰ্বাচন আয়োগৰ এনে পুনৰীক্ষণ চলোৱাৰ ক্ষমতা আছে নে নাই, এই অনুসন্ধানৰ উদ্দেশ্য যুক্তিসংগত নে নহয়, আৰু এই প্ৰক্ৰিয়াই ভোটাৰ তালিকাৰ আইনগত কাঠামো উলংঘা কৰিছে নে নাই।
আদালতে কয় যে আইনেই যেতিয়া বিশেষ পুনৰীক্ষণৰ অনুমতি দিয়ে, তেতিয়া সাধাৰণ পুনৰীক্ষণৰ সকলো নিয়ম সম্পূৰ্ণৰূপে অনুসৰণ নকৰিলেও এই প্ৰক্ৰিয়াক অবৈধ বুলি ক’ব নোৱাৰি।
উচ্চতম ন্যায়ালয়ে লগতে কয় যে মুক্ত আৰু নিৰপেক্ষ নিৰ্বাচনৰ মূল ভিত্তি হৈছে সঠিক আৰু বিশ্বাসযোগ্য ভোটাৰ তালিকা। ভোটদানৰ ব্যৱস্থা মাত্ৰেই যথেষ্ট নহয়, গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ বিশ্বাসযোগ্যতাৰ বাবে শুদ্ধ ভোটাৰ তালিকা অতি প্ৰয়োজনীয়।
অধিক পঢ়ক - অসমৰ UCC খচৰাত লিভ-ইন সম্পৰ্কক আইনী স্বীকৃতি, একবিবাহ বাধ্যতামূলক আৰু সকলো বিবাহ পঞ্জীয়ন কৰাটো বাধ্যতামূলক