গুৱাহাটীঃ অসম মীন উন্নয়ন নিগম লিমিটেড (AFDCL)-ৰ ধন আত্মসাৎৰ অভিযোগত ৰাজ্যজুৰি চলোৱা অভিযানত অসমৰ সতৰ্কতা আৰু দুৰ্নীতি নিবাৰণ সঞ্চালকালয়ে অৱসৰপ্ৰাপ্ত বিষয়াসহ মুঠ আঠজনক গ্ৰেপ্তাৰ কৰিছে।
দুৰ্নীতি নিবাৰণ সংস্থাটোৱে গুৱাহাটী, নলবাৰী, ধুবুৰী আৰু নগাঁও জিলাৰ একাধিক স্থানত একেলগে তালাচী অভিযান চলাই AFDCL-ৰ ধনৰ অপব্যৱহাৰৰ অভিযোগত জড়িত প্ৰাক্তন বিষয়া আৰু কৰ্মচাৰীসকলক আটক কৰে।
অভিযানত আটক হোৱা লোকসকলৰ ভিতৰত আছিল AFDCL-ৰ প্ৰাক্তন পৰিচালন সঞ্চালক অনুৰাধা অধিকাৰী শৰ্মা (ACS), প্ৰাক্তন কাৰ্যবাহী অভিযন্তা জ্যোতিষ শইকীয়া আৰু বিৰিঞ্চি অধিকাৰী, প্ৰাক্তন সহকাৰী কাৰ্যবাহী অভিযন্তা জ্যোতি প্ৰসাদ শইকীয়া, প্ৰাক্তন সহকাৰী অভিযন্তা ছাবুৰউদ্দিন আহমেদ, প্ৰাক্তন প্ৰকল্প প্ৰবন্ধক ভগীৰথ দাস, প্ৰাক্তন সহকাৰী কাৰিকৰী বিষয়া ৰবীন্দ্ৰ নাৰায়ণ ডেকা আৰু তদানীন্তন AFDCL-ৰ এমডি তথা বৰ্তমানৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ যৌথ সচিব নৰেন চন্দ্ৰ বসুমতাৰী।
অধিক পঢ়ক - মহিলা সংৰক্ষণ বিধেয়ক, ২০২৬ক সমৰ্থন কৰি অসম বিধানসভাই এক প্ৰস্তাৱ গৃহীত কৰে