গুৱাহাটী: কেন্দ্ৰীয় চৰকাৰে চলিত বিত্তীয় বৰ্ষৰ বাবে কেন্দ্ৰীয় পথ আৰু আন্তঃগাঁথনি পুঁজি (CRIF)-ৰ অধীনত অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যলৈ ৰাজ্যিক পথত নিৰ্মাণ হ’বলগীয়া ৰোড অভাৰ ব্ৰিজ (ROB), ৰোড আণ্ডাৰ ব্ৰিজ (RUB) আৰু অন্যান্য ব্ৰিজৰ বাবে মুঠ ৫৬৯.৬৪ কোটি টকা আৱণ্টন কৰিছে।
পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয় (MoRTH)-এ আজি এই সন্দৰ্ভত এক কাৰ্যালয় স্মাৰক (OM) জাৰি কৰি সংশ্লিষ্ট ৰাজ্যসমূহ আৰু অন্যান্য অংশীদাৰক প্ৰেৰণ কৰে।
কাৰ্যালয় স্মাৰক অনুসৰি, উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত অসমে সৰ্বাধিক ১৮৭.৩২ কোটি টকা লাভ কৰিছে। ইয়াৰ পিছতে আছে অৰুণাচল প্ৰদেশ, যিয়ে লাভ কৰিছে ১৬৪.৯০ কোটি টকা।
আন ছয়খন উত্তৰ-পূৰ্বাঞ্চলীয় ৰাজ্যৰ বাবে CRIF পুঁজিৰ আবণ্টন হৈছে—
মণিপুৰ – ৪৬.৬১ কোটি টকা মেঘালয় – ৫৩.১৯ কোটি টকা মিজোৰাম – ৪৩.৫০ কোটি টকা নাগালেণ্ড – ৩৪.৯২ কোটি টকা ছিকিম – ১৫.৬৯ কোটি টকা ত্ৰিপুৰা – ২৩.৫১ কোটি টকা
দেশৰ ২৮খন ৰাজ্যৰ বাবে মুঠ ৮,৩০৪.৭৭ কোটি টকাৰ CRIF পুঁজি আৱণ্টন কৰিছে মন্ত্ৰালয়ে।
ইয়াৰ উপৰিও, ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে ‘সেঁতু বন্ধন’ আঁচনিৰ অধীনত অসমৰ ৰাজ্যিক পথত ROB/RUB আৰু ব্ৰিজ নিৰ্মাণৰ বাবে Ministry of Road Transport and Highways-এ ৩৩.৯৪ কোটি টকা আৱণ্টন কৰিছে।
‘সেঁতু বন্ধন’ আঁচনিৰ অধীনত আন উত্তৰ-পূৰ্বাঞ্চলীয় ৰাজ্যসমূহলৈ পুঁজিৰ আবণ্টন হৈছে—
অৰুণাচল প্ৰদেশ – ২৯.৮৮ কোটি টকা মণিপুৰ – ৮.৪৫ কোটি টকা মিজোৰাম – ৭.৮৮ কোটি টকা নাগালেণ্ড – ৬.৩৩ কোটি টকা ছিকিম – ২.৮৪ কোটি টকা ত্ৰিপুৰা – ৪.২৬ কোটি টকা।
অধিক পঢ়ক - অসমত CBSE দ্বাদশ শ্ৰেণীৰ উত্তীৰ্ণৰ হাৰ ৮৫.৬৬ শতাংশ, গুৱাহাটী অঞ্চল দেশজুৰি ১৪ সংখ্যক স্থানত