গুৱাহাটীঃ ১৯৮৫ চনত ছয় বছৰজোৰা ঐতিহাসিক অসম আন্দোলনৰ পটভূমিত আঞ্চলিক দল অসম গণ পৰিষদ (এজিপি) ক্ষমতালৈ অহাৰ পিছৰে পৰা ৰাজ্যৰ ৰাজনৈতিক পৰিস্থিতিত যথেষ্ট পৰিৱর্তন আহিছে। কিন্তু ১৯৮৫ চনৰ নিৰ্বাচনত জয়লাভ কৰা এজন নেতাই ২০২৬ চনতো পুনৰ বিজয় লাভ কৰিছে। তেওঁ হৈছে জ্যেষ্ঠ ৰাজনীতিবিদ চন্দ্ৰমোহন পাটোৱাৰী।
১৯৮৫ চনত পাটোৱাৰীয়ে ধৰ্মপুৰ বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰিছিল। এইবাৰৰ নিৰ্বাচনত তেওঁ বিজেপি প্ৰাৰ্থী হিচাপে টিহু বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি কংগ্ৰেছৰ নিকটতম প্ৰতিদ্বন্দ্বী ৰাতুল পাটোৱাৰীক ২৬,৪৯৬টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে। এই জয়ৰ সৈতে তেওঁ ১৯৮৫, ১৯৯১, ১৯৯৬, ২০০৬, ২০১৬ আৰু ২০২৬ চনত মুঠ ছয়বাৰ বিধানসভা নিৰ্বাচনত জয়লাভ কৰিলে। মূলতঃ এজিপিৰ নেতা হিচাপে পৰিচিত পাটোৱাৰীয়ে ২০১৪ চনত বিজেপিত যোগদান কৰিছিল।
উল্লেখযোগ্যভাৱে, ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰীসকলৰ তিনিজন পুত্ৰ পৰাজিত হয়। তিনিওজন কংগ্ৰেছ দলৰ সৈতে জড়িত। তেওঁলোক হৈছে যোৰহাট বিধানসভা সমষ্টিৰ প্ৰয়াত তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈ, নজিৰা বিধানসভা সমষ্টিৰ প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ পুত্ৰ দেবব্ৰত শইকীয়া, আৰু বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ প্ৰয়াত ড° ভূমিধৰ বৰ্মনৰ পুত্ৰ দিগন্ত বৰ্মন। তিনিওজনেই বিজেপি প্ৰাৰ্থীৰ হাতত পৰাজিত হয়।
অধিক পঢ়ক - দ্বিতীয় কাৰ্যকালৰ বাবে ড° হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে প্ৰস্তাৱ এজিপিৰ