গুৱাহাটী: মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মায়ে ক’লে যে পশ্চিম বংগত হোৱা এই জয় কেৱল বিজেপিৰ নহয়, বৰং ভাৰতৰ জয়। তেওঁ কয় যে পশ্চিম বংগৰ মানুহে বাংলাদেশৰ সৈতে থকা দুৰ্বল সীমান্তৰ পৰা ভাৰতৰ সুৰক্ষাৰ প্ৰতি থকা বিপদ ৰোধ কৰিবলৈ বিজেপিৰ পক্ষে ভোটদান কৰিছে।
আজি সংবাদ মাধ্যমৰ সৈতে কথা পাতি মুখ্যমন্ত্ৰীয়ে কয়, “পশ্চিম বংগত বিজেপিৰ জয় অসমলৈ এটা ইতিবাচক বাৰ্তা।কাৰণ মানুহে আমাক বাংলাদেশ সীমান্তত ভালকৈ সুৰক্ষা নিদিয়াৰ বাবে দোষাৰোপ কৰে। আমি কিছুমান অংশ বাদে সীমান্তত সুৰক্ষা দিছো। কিন্তু মমতা বেনাৰ্ৰজীৰ চৰকাৰৰ বিৰোধিতাৰ বাবে পশ্চিমবংগই নিজৰ বাংলাদেশ সীমান্ত সম্পূৰ্ণৰূপে বেৰবিহীন কৰি ৰাখিছে। বিগত দহ বছৰ ধৰি তেওঁলোকে সীমান্তত সুৰক্ষা বেৰ দিবলৈ সুৰক্ষা বাহিনীক মাটি প্ৰদান কৰা হোৱা নাই।
নতুন বিজেপি চৰকাৰে প্ৰথমতে সীমান্ত সুৰক্ষা বাহিনীক বাংলাদেশ সীমান্তত বেৰ দিবলৈ প্ৰয়োজনীয় মাটি প্ৰদান কৰিব লাগিব। এই ব্যৱস্থাই বাংলাদেশৰ পৰা ভাৰতলৈ হোৱা অবৈধ অনুপ্ৰৱেশকাৰী সকলক ৰোধ কৰিব পাৰিব। আন্তঃৰাষ্ট্ৰীয় সীমান্ত সম্পূৰ্ণৰূপে বন্ধ কৰা দেশৰ আভ্যন্তৰীণ সুৰক্ষা আৰু সার্বভৌমত্বৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ,” বুলি তেওঁ মত প্ৰকাশ কৰে।
অধিক পঢ়ক - অসমত পুনৰ এনডিএ আৰু বিজেপিৰ ইতিহাস ৰচনা: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা