গুৱাহাটীঃ মূল্যবৃদ্ধিৰ প্ৰভাৱৰ পৰা গ্ৰাহক আৰু ব্যৱসায়ীসকলক সুৰক্ষা দিবলৈ অসম চৰকাৰে ‘প্ৰাইচ ষ্টেবিলাইজেচন ফাণ্ড’ (PSF) গঠন কৰিব।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি বিধানসভাত এই কথা জনাই কয় যে, আগন্তুক বাৰ্ষিক বাজেটত এই ফাণ্ড গঠনৰ বাবে ব্যৱস্থা ৰখা হ’ব।
তেওঁ কয়, “পশ্চিম এছিয়াত চলি থকা অস্থিৰ পৰিস্থিতিৰ বাবে মূল্যবৃদ্ধি হৈছে। ভাৰতক ইন্ধন, সাৰ আদি বহু সামগ্ৰী আমদানি কৰিবলগীয়া হয়, যাৰ ফলত বৈদেশিক মুদ্ৰাৰ ভঁৰাল (Forex Reserve) কমি আহিছে। প্ৰধানমন্ত্ৰীয়ে গ্ৰাহকসকলক কিছু স্বস্তি দিবলৈ উপায় বিচাৰি উলিয়াব বুলি আশা কৰিছো। যদি যুদ্ধ দীৰ্ঘদিন ধৰি চলি থাকে, তেন্তে পৰিস্থিতি আৰু জটিল হ’ব পাৰে।”
মুখ্যমন্ত্ৰীয়ে লগতে জনায় যে, চৰকাৰে ইতিমধ্যে সকলো জিলাত মূল্য নিৰীক্ষণ কমিটি গঠন কৰিছে। বজাৰৰ মূল্যসমূহ কটকটীয়াভাৱে নিৰীক্ষণ কৰিবলৈ সকলো জিলা আয়ুক্তক নিৰ্দেশ দিয়া হৈছে।
নিয়ম অনুসৰি, ৰাজ্যসমূহক নিজা ৰাজ্যিক মূল্য স্থিৰীকৰণ ফাণ্ড গঠনৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা সুতবিহীন আগবঢ়োৱা ধনৰ সুবিধা দিয়া হয়। উত্তৰ-পূৰ্বাঞ্চলীয় ৰাজ্যসমূহৰ ক্ষেত্ৰত এই অনুপাত ৭৫:২৫। এই ফাণ্ড ব্যৱহাৰ কৰি NAFED আৰু NCCF-ৰ দৰে কেন্দ্ৰীয় সংস্থা আৰু ৰাজ্য চৰকাৰে কৃষকৰ পৰা পোনপটীয়াকৈ শস্য ক্ৰয় কৰাৰ বাবে সুতবিহীন কাৰ্যকৰী মূলধন লাভ কৰিব পাৰে।
অধিক পঢ়ক - ৰাজনীতিত অহংকাৰৰ কোনো স্থান নাই; প্ৰচাৰৰ ৰাজনীতিতকৈ শান্তি আৰু উন্নয়নক অধিক গুৰুত্ব দিব লাগে: মুখ্যমন্ত্ৰী