গুৱাহাটী: নতুনকৈ গঠিত ১৬ সংখ্যক অসম বিধানসভালৈ পাঁচগৰাকী নতুন মহিলাই প্ৰৱেশ কৰিছে। ইয়াৰে চাৰিগৰাকী শাসকীয় মিত্ৰজোঁটৰ আৰু এগৰাকী কংগ্ৰেছৰ।
এইবাৰৰ ৰাজ্যিক বিধানসভা নিৰ্বাচনত মুঠ ৫৯ গৰাকী মহিলা প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল। বিজয়ী হোৱা সাতগৰাকী মহিলা প্ৰাৰ্থী হৈছে—গোলাঘাট সমষ্টিৰ বিজেপিৰ অজন্তা নেওঁগ, বঙাইগাঁও সমষ্টিৰ AGPৰ দীপ্তিময়ী চৌধুৰী, হাফলং সমষ্টিৰ বিজেপিৰ ৰূপালী লাংথাছা, ডিফু সমষ্টিৰ বিজেপিৰ নিছ’ তেৰাংপি, মঙলদৈ সমষ্টিৰ বিজেপিৰ নীলিমা দেৱী, কোকৰাঝাৰ সমষ্টিৰ BPFৰ সেৱলী মহিলাৰী আৰু ধুবুৰী সমষ্টিৰ কংগ্ৰেছৰ বেবী বেগম।
এইসকলৰ ভিতৰত নতুন মুখ হৈছে ৰূপালী লাংথাছা, নিছ’ তেৰাংপি, নীলিমা দেৱী, সেৱলী মহিলাৰী আৰু বেবী বেগম। ধুবুৰী সমষ্টিৰ বেবী বেগমেই কংগ্ৰেছৰ একমাত্ৰ মহিলা বিধায়ক।
হাফলং সমষ্টিত ৰূপালী লাংথাছাই NPPৰ ডেনিয়েল লাংথাছাক ৫০,৩০৬ ভোটৰ ব্যৱধানত পৰাজিত কৰে। ডিফু সমষ্টিত নিছ’ তেৰাংপিয়ে স্বতন্ত্ৰ প্ৰাৰ্থী জি কাথাৰক ৪৯,৭৪০ ভোটৰ ব্যৱধানত পৰাস্ত কৰে। মঙলদৈ সমষ্টিত নীলিমা দেৱীয়ে কংগ্ৰেছৰ ৰিজুমণি তালুকদাৰক ২৩,৯৩৬ ভোটৰ ব্যৱধানত পৰাজিত কৰে। কোকৰাঝাৰ সমষ্টিত সেৱলী মহিলাৰীয়ে UPPLৰ লৰেন্স ইছলাৰীক ৩৯,৬৩৩ ভোটৰ ব্যৱধানত পৰাস্ত কৰে। ধুবুৰী সমষ্টিত বেবী বেগমে AIUDFৰ নজৰুল হকক ৬৮,৬৬১ ভোটৰ ব্যৱধানত পৰাজিত কৰে।
অধিক পঢ়ক - ৭২২ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৪৫৫ গৰাকীয়ে নিজৰ আমানতৰ ধন বাজেয়াপ্ত হৈছে