চাকৰি

অসম কৃষি বিশ্ববিদ্যালয়ত কাৰ্যালয় সহায়ক, ক্ষেত্ৰ সমন্বয়কৰ পদ খালী

অসম কৃষি বিশ্ববিদ্য়ালয়ে কাৰ্যালয় সহায়ক, ক্ষেত্ৰ সমন্বয়ক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ

Sentinel Digital Desk

অসম কৃষি বিশ্ববিদ্যালয়ৰ বিষয়েঃ

অসম কৃষি বিশ্ববিদ্য়ালয় হৈছে সমগ্ৰ উত্তৰ-পূব ভাৰতৰ প্ৰথমখন কৃষি বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয়ৰ মূল উদ্দেশ্য হৈছে কৃষি খণ্ডৰ বাবে বিশ্বমানৰ মানৱ সম্পদ তৈয়াৰ কৰা। ইয়াৰ জৰিয়তে কৃষকসকল আৰু কৃষিজাত সামগ্ৰীৰ ব্যৱসায় কৰাসকলৰ উপকাৰ্থে কৃষিক্ষেত্ৰত গৱেষণা চলোৱা। লগতে সাধাৰণ মানুহৰ খাদ্য সুৰক্ষা নিশ্চিত কৰা। 

অসম কৃষি বিশ্ববিদ্য়ালয়ে কাৰ্যালয় সহায়ক, ক্ষেত্ৰ সমন্বয়ক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। 

এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ 

পদৰ নাম

কাৰ্যালয় সহায়ক আৰু ক্ষেত্ৰ সমন্বয়ক। 

খালী পদ

কাৰ্যালয় সহায়কৰ ১ টা আৰু ক্ষেত্ৰ সমন্বয়কৰ ২টা। 

ৱেবছাইট

aau.ac.in


দৰমহা 

কাৰ্যালয় সহায়কৰ মাহিলী ১৭ হেজাৰ টকা আৰু ক্ষেত্ৰ সমন্বয়কৰ ১৮ হেজাৰ টকা। 

চাকৰিৰ স্থান

 অসম। 

অন্তিম তাৰিখ 

১৪ ডিচেম্বৰ, ২০২১

আবেদন মাচুল

উপলব্ধ নহয়। 

শিক্ষাগত অৰ্হতা:

কাৰ্যালয় সহায়কৰ বাবে প্ৰাৰ্থী স্নাতক ডিগ্ৰীধাৰী হোৱাৰ লগতে কোনো ৰাজহুৱা বা ব্যক্তিগত সংস্থাত অফিচ মেনেজমেণ্ট বা ছেক্ৰেটেৰিয়েল কামত ন্যূনতম এবছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব। 

ক্ষেত্ৰ সমন্বয়কৰ বাবে প্ৰাৰ্থী স্নাতক ডিগ্ৰীধাৰী হোৱাৰ লগতে কোনো ৰাজহুৱা বা ব্যক্তিগত সংস্থাত অফিচ মেনেজমেণ্ট বা ছেক্ৰেটেৰিয়েল কামত ন্যূনতম এবছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব। 

আবেদনৰ প্ৰক্ৰিয়া:

আবেদন জনোৱাৰ বাবে প্ৰথমে  অসম কৃষি বিশ্ববিদ্যালয়ৰ ৱেবছাইট aau.ac.in চাব। এই বিশ্ববিদ্যালয়ৰ  Recruitment or Careers চাব। কাৰ্যালয় সহায়ক আৰু ক্ষেত্ৰ সমন্বয়কৰ বাবে প্ৰয়োজনীয় অৰ্হতা চাব। তাৰ পাছতে আবেদন প্ৰ-পত্ৰ পূৰণ কৰিব।