চাকৰি

অসম কৃষি বিশ্ববিদ্যালয় (AAU) নিযুক্তি ২০২২ - গৱেষক খালী পদ

অসম কৃষি বিশ্ববিদ্যালয়ে গৱেষক নিযুক্তি দিছে। অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে আবেদন জনাব পাৰে ৷

Sentinel Digital Desk

অসম কৃষি বিশ্ববিদ্যালয়ে গৱেষক নিযুক্তিৰ বাবে শেহতীয়াভাৱে জাননী প্ৰকাশ কৰিছে ৷ আগ্ৰহী প্ৰাৰ্থীসকলে আবেদন গ্ৰহণৰ শেষ তাৰিখৰ ভিতৰত পোৱাকৈ আবেদন জনাব পাৰে।

অসম কৃষি বিশ্ববিদ্যালয়ৰ নিযুক্তি ২০২২

অসম কৃষি বিশ্ববিদ্যালয়ে গৱেষক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে ৷ এই পদৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, খালী পদৰ সংখ্যা, বয়সৰ সীমা, দৰমহা আদিৰ তথ্য তলত উল্লেখ কৰা হৈছে ৷

পদৰ নাম

গৱেষক

খালী পদ

দৰমহা

প্ৰতিদিনে ৪,৫০০টকা

বয়সৰ সীমা

৪৫ বছৰ

চাকৰিৰ অৱস্থান

নগাঁও, অসম

অন্তিম তাৰিখ

১৮-১০-২০২২

আবেদনৰ মাচুল

SC/ST প্ৰাৰ্থীৰ বাবে ২৫ টকা। অন্যান্য প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত ৫০ টকা।

শিক্ষাগত অৰ্হতা

অসম কৃষি বিশ্ববিদ্যালয়ৰ জাননী অনুসৰি প্ৰাৰ্থীসকল স্বীকৃতিপ্ৰাপ্ত ব'ৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা জলজ পৰিৱেশ ব্যৱস্থাপনাত এম এফ এচ চি বা প্ৰাণী বিজ্ঞান/জীৱন বিজ্ঞানৰ এম এচ চি হ'ব লাগিব।

নিযুক্তি প্ৰক্ৰিয়াঃ মৌখিক সাক্ষাৎকাৰ।

আবেদনৰ নিয়ম

অৰ্হতাসম্পন্ন প্ৰাৰ্থীসকলে প্ৰয়োজনীয় প্ৰ-পত্ৰৰ প্ৰতিলিপিৰ সৈতে নিৰ্ধাৰিত প্ৰপত্ৰসহ অহা ১১অক্টোবৰ, ২০২২-ত ৰহাৰ মীন কলেজত অনুষ্ঠিত হ'বলগীয়া সাক্ষাৎকাৰত অৱতীৰ্ণ হ'ব পাৰে।

প্ৰাৰ্থীসকলে নিজৰ আবেদনপত্ৰ আগতীয়াকৈ sarada.k.bhagawati@aau.ac.in-লৈ প্ৰেৰণ কৰিব পাৰে।

Disclaimer: Provided by AAU.

অসম কৃষি বিশ্ববিদ্যালয়ৰ বিষয়েঃ যোৰহাটত ১৯৫৯ৰ ১ এপ্ৰিলত অসম কৃষি বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হয়। ই হৈছে এখন ৰাজ্যিক কৃষি বিশ্ববিদ্যালয়। যোৰহাটৰ বৰভেটাত মুখ্য কাৰ্যালয় অৱস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ বহুসংখ্যক চৌহদ আছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ কৰ্ম-পৰিসৰ কৃষি আৰু ইয়াৰ সংলগ্ন ক্ষেত্ৰসমূহত শিক্ষণ, গৱেষণা আৰু সম্প্ৰসাৰিত শিক্ষালৈ পৰিব্যাপ্ত।