চাকৰি

গুৱাহাটীৰ ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত পৰিসংখ্যাবিদ নিযুক্তি

Sentinel Digital Desk

গুৱাহাটীৰ ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ বিষয়েঃ 

গুৱাহাটীৰ ডা- ভুৱনেশ্বৰ বৰুৱা কৰ্কট প্ৰতিষ্ঠান  বিশিষ্ট স্বাধীনতা সংগ্ৰামী তথা  মানৱদৰদী চিকিত্সক ডাঃ ভুৱনেশ্বৰ বৰুৱা ( ৪ ছেপ্টেম্বৰ, ১৮৯৩-২৫ ছেপ্টেম্বৰ, ১৯৫৬)-ৰ নামত প্ৰতিষ্ঠা কৰা হৈছে। 

 ১৯৫৮-ত গুৱাহাটীত অনুষ্ঠিত এখন ৰাজহুৱা সভাত ডা° ভুৱনেশ্বৰ বৰুৱাৰ স্মৃতিত এখন কৰ্কট ৰোগ প্ৰতিষ্ঠান স্থাপনৰ সিদ্ধান্ত গৃহীত হয় ৷ এই চিকিৎসালয় স্বেচ্ছাসেৱী ন্যাস "ডা° বি বৰুৱা কেন্সাৰ ছ'চাইটী ট্ৰাষ্ট"-এ প্ৰতিষ্ঠা কৰে ৷ডা° বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানে NCDIR-ICMR পৃষ্ঠপোষকতাপ্ৰাপ্ত টাস্ক ফ'ৰ্চ প্ৰকল্প " Hospital based cancer"-ৰ বাবে ঠিকাভিত্তিক পৰিসংখ্যাবিদ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে ৷ আগ্ৰহী আৰু অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে আবেদন গ্ৰহণৰ শেষ তাৰিখৰ ভিতৰত আবেদন জনাব পাৰে ৷

এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ

 প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ পৰীক্ষা কৰিব পাৰে 

পদৰ বিৱৰণ

প্ৰয়োজনীয়তাৰ বিৱৰণ

পদৰ নাম

পৰিসংখ্যাবিদ ( Statistician)। 

খালী পদ

১ টা। 

বয়স

৩০ বছৰতকৈ কম। 

চাকৰিৰ স্থান

গুৱাহাটী, অসম। 

অন্তিম তাৰিখ

১০-০১-২০২২

দৰমহা

প্ৰতি মাহে ৩২ হেজাৰ টকা। (স্থায়ী)। 

আবেদন মাচুল

তথ্য উপলব্ধ নহয়। 

শিক্ষাগত অৰ্হতা:

স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা পৰিসংখ্যা বিজ্ঞানৰ এম এছ চি হব লাগিব। 

বাছনি প্ৰক্ৰিয়া : অহা ১০ জানুৱাৰীৰ পুৱা ৯ বজাৰ পৰা  Conference Hall, Dr. Bhubaneswar Borooah Cancer Institute (BBCI), Gopinath Nagar, AK Azad Road, Guwahati-781016-ত সাক্ষাতকাৰ অনুষ্ঠিত হব। 

সাক্ষাতকাৰলৈ অহা প্ৰাৰ্থীয়ে লগত শৈক্ষিক অৰ্হতা, বয়স আদি প্ৰমাণপত্ৰৰ মূল কপি আনিব লাগিব।