Begin typing your search above and press return to search.

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত পদ খালী

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানে ক্লিনিকেল ছাইকোলজিষ্ট , ষ্টাফ নাৰ্ছৰ বাবে আবেদন বিচাৰিছে।

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 Jan 2022 7:10 AM GMT


লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান (LGBRIMH)-ৰ বিষয়েঃ

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান (LGBRIMH) হৈছে দেশৰ অন্যতম পুৰণি মানসিক ৰোগ চিকিত্সা প্ৰতিষ্ঠান। তেজপুৰস্থিত এই প্ৰতিষ্ঠান ১৮৭৬-ত প্ৰতিষ্ঠা কৰা হয়। এই প্ৰতিষ্ঠানে ৮১ একৰো অধিক ভূমি আগুৰি আছে। ১৮৭৬-ত ব্ৰিটিছৰ শাসনৰ সময়ত এই প্ৰতিষ্ঠান তেজপুৰ পগলা ফাটেকৰূপে প্ৰতিষ্ঠা কৰা হৈছিল। ১৯২২-ত এই প্ৰতিষ্ঠানক তেজপুৰ মানসিক চিকিত্সালয়ৰূপে নামকৰণ কৰা হয়। ১৯৩২-ত এই হাস্পতালত ৰোগীৰ বিচনাৰ সংখ্যা ৭০০ খনলৈ বৃদ্ধি পায়। স্বাধীনতাৰ পাছত এই হাস্পতালক অসম চৰকাৰৰ অধীনলৈ অনা হয়। ১৯৪৯-ত স্বৰ্গীয় এন চি বৰদলৈ এই হাস্পতালৰ অধীক্ষক হয়। তেওঁৰ কাৰ্যকালত হাস্পতালখনে প্ৰশাসনিক আৰু চিকিত্সা সেৱাৰ ক্ষেত্ৰত উন্নতিৰ মুখ দেখে। ডাঃ বৰদলৈ হৈছে পদ্মশ্ৰী বঁটা প্ৰাপ্ত দেশৰ প্ৰথমগৰাকী মনোৰোগ বিশেষজ্ঞ। ১৯৮৭-ত হাস্পতালখনৰ এটা নতুন বহিঃৰোগ বিভাগৰ গৃহ নিৰ্মাণ কৰা হয়। ১৯৮৯-ত এই হাস্পতালক অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ নামেৰে নামকৰণ কৰা হয়। ১৯৯৯-ত হাস্পতালখনক উত্তৰ-পূব পৰিষদলৈ হস্তান্তৰ কৰা হয়। ২০০৭ৰ ১ জুনত এই হাস্পতালক ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে গ্ৰহণ কৰে।


লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান (LGBRIMH)-ত নিযুক্তি ২০২২ঃ

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান (LGBRIMH)-এ ক্লিনিকেল ছাইকোলজিষ্ট আৰু ষ্টাফ নাৰ্ছ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে । এই বিষয়ে সবিশেষ তথ্য তলত পাবঃ


পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

ক্লিনিকেল ছাইকোলজিষ্ট আৰু ষ্টাফ নাৰ্ছ

খালী পদ

১৭ টা।

অৱস্থান

তেজপুৰ, অসম

বয়স

ন্যূনতম ২৫ বছৰ আৰু সৰ্বোচ্চ ৩৫ বছৰ।

দৰমহা

মাহিলী ২০,০০০ - ৩০,০০০টকা।

অন্তিম তাৰিখ

১০ জানুৱাৰী, ২০২২।

আবেদনৰ মাচুল

নাই।

শিক্ষাগত অৰ্হতাঃ

ক্লিনিকেল ছাইকোলজিষ্টঃ এম ফিল, স্নাতকোত্তৰ ডিগ্ৰী।

ষ্টাফ নাৰ্ছঃ দ্বাদশ, বি এছ চি (নাৰ্ছিং)/ জি এন এম।

ষ্টেনোগ্ৰাফাৰঃ দ্বাদশ।

ৰিচিপ্টচনিষ্টঃ দ্বাদশ ।

নিম্নবৰ্গৰ সহায়কঃ দ্বাদশ ।

মেডিকেল ৰেকৰ্ড টেকনিচিয়ানঃ দ্বাদশ।

ৰেডিওগ্ৰাফাৰঃ দশম, ডিপ্লোমা।

আবেদনৰ নিয়মঃ

সংশ্লিষ্ট নথি-পত্ৰৰ প্ৰতিলিসহ অনুমোদিত প্ৰ-পত্ৰত আবেদন অহা ১০ জানুৱাৰীৰ ভিতৰত পোৱাকৈ lgbrimh@yahoo.co.in-লৈ প্ৰেৰণ কৰিব পাৰে।


প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াঃ সাক্ষাতকাৰ।

আৰু চাব পাৰে : মাদ্ৰাজ বিশ্ববিদ্যালয়ত জে আৰ এফ নিযুক্তি


Next Story
চাকৰি