চাকৰি

ভাৰতীয় মানক ব্যুৰ'ত বিভিন্ন ধৰণৰ পদখালী

Sentinel Digital Desk

পদসমূহঃ

সহকাৰী সঞ্চালক (প্ৰশাসন আৰু বিত্ত)।

খালী পদৰ সংখ্যাঃ ২টা। ইয়াৰে এটা আইনী আৰু আনটো বিত্ত।

শিক্ষাগত অৰ্হতাঃ আইনৰ ক্ষেত্ৰত স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত আইনৰ ডিগ্ৰী। তদুপৰি সংশ্লিষ্ট ক্ষেত্ৰত তিনি বছৰৰ অভিজ্ঞতা (কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসনত)।

বিত্তঃ বিত্তৰ ক্ষেত্ৰত প্ৰাৰ্থী চাৰ্টাৰ্ড একাউনটেণ্ট বা কষ্ট একাউনটেণ্ট আদি হব লাগিব।

বয়সৰ সীমাঃ সৰ্বোচ্চ ৩৫ বছৰ।

সহকাৰী সঞ্চালক( বিপনন আৰু উপভোক্তা পৰিক্ৰমা)।

খালী পদৰ সংখ্যাঃ ১টা।

শিক্ষাগত অৰ্হতাঃ এম বি এ অথবা গণসংযোগৰ স্নাতকোত্তৰ ডিগ্ৰী অথবা ছচিয়েল ৱৰ্কৰ পি জি ডিপ্লমা থাকিব লাগিব। তদুপৰি কেন্দ্ৰীয় বা ৰাজ্যিক বা স্বতন্ত্ৰৰীয়া সংস্থাত বিপনন বা গণসংযোগ বা ছচিয়েল ৱৰ্কৰ কামত অভিজ্ঞতা থাকিব লাগিব।

বয়সৰ সীমাঃ সৰ্বোচ্চ ৩৫ বছৰ।

সহকাৰী সঞ্চালক(গ্ৰন্থগাৰ)

খালী পদৰ সংখ্যাঃ ১টা।

শিক্ষাগত অৰ্হতাঃ গ্ৰন্থাগাৰ বিজ্ঞান বা তথ্য বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী থাকিব লাগিব।

বয়সৰ সীমাঃ সৰ্বোচ্চ ৩৫বছৰ।

সহকাৰী শাখা বিষয়াঃ

খালী পদৰ সংখ্যাঃ ১৭টা।

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত স্নাতক ডিগ্ৰী। তদুপৰি কম্পিউটাৰৰ জ্ঞান থাকিব লাগিব।

বয়সৰ সীমাঃ সৰ্বোচ্চ ৩০ বছৰ।

ব্যক্তিগত সহায়কঃ

খালী পদৰ সংখ্যাঃ ১৬টা।

শিক্ষাগত অৰ্হতাঃ স্নাতক। তদুপৰি কম্পিউটাৰৰ জ্ঞান থাকিব লাগিব।

জ্যেষ্ঠ সচিবালয় সহায়কঃ

খালী পদৰ সংখ্যাঃ ৭৯টা।

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত স্নাতক ডিগ্ৰী।

বয়সৰ সীমাঃ সৰ্বোচ্চ ২৭ বছৰ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৬-০৯-২০২০।