চেণ্টাৰ ফৰ ডেভেলপমেণ্ট অৱ এডভান্সড কম্পিউটিং( চি ডি এ চি)-ৰ বিষয়েঃ
চি-ডিএচি হৈছে কেন্দ্ৰীয় ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ অধীনৰ এটা আগশাৰীৰ গৱেষণা আৰু বিকাশ সংস্থা ( আৰ এণ্ড ডি)। এই সংস্থাৰ উদ্দেশ্য হৈছে আই টি, ইলেক্ট্ৰনিকছ আৰু সংলগ্ন খণ্ডত গৱেষণা কৰা। বিভিন্ন সময়ত চি-ডেকৰ বিভিন্ন ক্ষেত্ৰ ওলাইছে।
চেণ্টাৰ ফৰ ডেভেলপমেণ্ট অৱ এডভান্সড কম্পিউটিং (চি-ডেক)-ত পদ খালীঃ
চি-ডেকে বিভিন্ন পৰ্যায়ৰ প্ৰকল্প অভিযন্তা নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ
পদৰ সবিশেষ তথ্য তলত উল্লেখ কৰা হৈছে।
পদৰ নাম | প্ৰকল্প অভিযন্তা। (বিভিন্ন পৰ্যায়ৰ)। তলত পদসমূহৰ ক্ৰমাংক ১-ৰ পৰা উল্লেখ কৰা হৈছে। |
খালী পদ | ১৩টা। |
বয়স | ১৯-০১-২০২২ত সৰ্বোচ্চ ৩৫ বছৰ। |
দৰমহা | বছৰি ৩, ৭৬, ১৬৮ টকাৰ পৰা ৪, ২৪, ৬৮৮টকা। |
চাকৰিৰ স্থান | তিৰুৱনন্তপুৰম (কেৰালা), চেন্নাই (তামিলনাডু), শিলচৰ (অসম), জম্মু, দিল্লী- নতুন দিল্লী। |
অন্তিম তাৰিখ | ৩০ ডিচেম্বৰ, ২০২১ |
ৱেবছাইট | cdac.in, সাক্ষাতকাৰৰ তাৰিখঃ ২২ ডিচেম্বৰ, ২০২২লৈকে। |
শিক্ষাগত অৰ্হতা :
প্ৰকল্প অভিযন্তাঃ১
শিক্ষাগত অৰ্হতাঃ বি ই / বি টেক, এম ই / এম টেক, এম চি এ।
প্ৰকল্প অভিযন্তাঃ ২ঃ পাৱাৰ ইলেক্ট্ৰনিক্সত এম ই / এম টেক।
প্ৰকল্প অভিযন্তা-৩
শিক্ষাগত অৰ্হতাঃ বি ই / বি টেক, এম ই / এম টেক, এম চি এ।
প্ৰকল্প অভিযন্তা-৪
শিক্ষাগত অৰ্হতাঃ বি ই / বি টেক, এম ই / এম টেক, এম চি এ।
প্ৰকল্প অভিযন্তা-৫
শিক্ষাগত অৰ্হতাঃ BE/ B.Tech/ MCA
প্ৰকল্প অভিযন্তা-৬
শিক্ষাগত অৰ্হতাঃ বি ই/ বি টেক, এম ই /এম টেক, এম চি এ।
অভিজ্ঞতাঃ প্ৰকল্প অভিযন্তা ১, ৩, ৪ আৰু ৬-ৰ ক্ষেত্ৰত শিক্ষা সমাপ্তিৰ পাছত ২ বছৰৰ পৰা ৫ বছৰৰ অভিজ্ঞতা থাকিব লাগিব।
প্ৰকল্প অভিযন্তা ২-ৰ ক্ষেত্ৰত ৩-৬ বছৰৰ অভিজ্ঞতা থাকিব লাগিব। প্ৰকল্প অভিযন্তা-৫ ৰ ক্ষেত্ৰত ৩-ৰ পৰা ৫ বছৰৰ অভিজ্ঞতা থাকিব লাগিব।
প্ৰকল্প অভিযন্তা-৭ ৰক্ষেত্ৰত ন্যূনতম ১ বছৰৰ অভিজ্ঞতা থাকিব লাগিব।
আবেদন প্ৰক্ৰিয়া :
ইচ্ছুক প্ৰাৰ্থী সকলে আেবদন জনোৱাৰ পূৰ্বে অফিচিয়েল ৱেবছাইট cdac.in-চাব।
তাৰ পাছতে CDAC Recruitment or Careers অপচনত আপুনি আবেদন জনাবলৈ লোৱা পদটো চাব। t
সম্পূৰ্ণৰূপে স্পষ্টকৈ নিযুক্তি নিয়মাৱলী পঢ়িব।
কোনো ধৰণৰ ভুল নোহোৱাকৈ আবেদন পত্ৰ পূৰণ কৰিব।
সংশ্লিষ্ট তাৰিখত সাক্ষাতকাৰত উপস্থিত থাকিব।
আৰু চাব পাৰে :NDDB নিযুক্তি ২০২১ - প্ৰশিক্ষাৰ্থীৰ পদ খালী