Begin typing your search above and press return to search.

NDDB নিযুক্তি ২০২১ - প্ৰশিক্ষাৰ্থীৰ পদ খালী

ৰাষ্ট্ৰীয় দুগ্ধজাত উন্নয়ন বোৰ্ডত শেহতীয়া ভাৱে প্ৰশিক্ষাৰ্থীৰ খালী পদত নিযুক্তি প্ৰদান কৰিবৰ বাবে আৱেদন বিচৰা হৈছে

NDDB নিযুক্তি ২০২১ - প্ৰশিক্ষাৰ্থীৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 Dec 2021 1:53 PM GMT

ৰাষ্ট্ৰীয় দুগ্ধজাত উন্নয়ন বোৰ্ড :

ৰাষ্ট্ৰীয় দুগ্ধজাত উন্নয়ন বোৰ্ড হৈছে ভাৰতীয় সাংসদীয় অধিনিয়মৰ দ্বাৰা স্থাপিত এক বিধিবদ্ধ বডী। এই প্ৰতিষ্ঠান পৰিচালিত কৰে ভাৰত চৰকাৰৰ, মীন পালন, পশু প্ৰতিপালন আৰু দুগ্ধজাত মন্ত্ৰালয়ে। এই প্ৰতিষ্ঠানৰ অধীনত পৰিচালনা কৰা হয় IDMC লিমিটেড আনন্দ, মাদাৰ্ছ ডায়েৰী, দিল্লী আদিৰ দৰে জনপ্ৰিয় প্ৰতিষ্ঠান। এই বোৰ্ড গঠন কৰা হৈছিল দুগ্ধজাত সামগ্ৰী উৎপাদন কেন্দ্ৰ সমূহক পুঁজি প্ৰদান, আৰু বিভিন্ন ধৰণৰ সহায় সহযোগিতা প্ৰদান কৰিবৰ হেতু।

ৰাষ্ট্ৰীয় দুগ্ধজাত উন্নয়ন বোৰ্ডত পদ খালী :

ৰাষ্ট্ৰীয় দুগ্ধজাত উন্নয়ন বোৰ্ডত শেহতীয়া ভাৱে প্ৰশিক্ষাৰ্থীৰ খালী পদত নিযুক্তি প্ৰদান কৰিবৰ বাবে ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলৰ পৰা আৱেদন বিচৰা হৈছে।

পদৰ সবিশেষ তথ্য তলত উল্লেখ কৰা হৈছে।

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

প্ৰশিক্ষাৰ্থী

খালী পদ

০২

বয়স

ৰাষ্ট্ৰীয় দুগ্ধজাত উন্নয়ন বোৰ্ডৰ অফিচিয়েল অধিসূচনা অনুসৰি এই পদত আৱেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থীৰ অধিকতম বয়স ২৭ বছৰ হ'ব লাগিব, ০১/১২/২০২১ৰ মতে

দৰমহা

নিয়মাৱলী অনুসৰি

অৱস্থান

আনন্দ, গুজৰাট

অন্তিম তাৰিখ

২৮ ডিচেম্বৰ ২০২১


শিক্ষাগত অৰ্হতা :

ৰাষ্ট্ৰীয় দুগ্ধজাত উন্নয়ন বোৰ্ডৰ অফিচিয়েল অধিসূচনা অনুসৰি। এই পদত আৱেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ উত্তীৰ্ণ হ'ব লাগিব।

অভিজ্ঞতা :

সম্প্ৰদায় বিকাশ/ গ্ৰামীণ বিকাশ/ কৃষি/ সামাজিক কৰ্মৰ নূন্যতম ১বছৰীয়া অভিজ্ঞতা থাকিব লাগিব

প্ৰাৰ্থীসকলৰ গ্ৰাছৰুট পৰ্যায়/ প্ৰশিক্ষণ আৰু ক্ষমতা নিৰ্মাণ কাৰ্যসূচীত চৰকাৰী আঁচনিসমূহ কমিউনিটি মোবিলাইজেচন/এফপিঅ' গঠন/ৰূপায়ণত ১-২ বছৰ থাকিব লাগিব ।

প্ৰাৰম্ভিকতে এই পদৰ সময়সীমা ১বছৰৰ কাৰণে হ'ব আৰু পৰবৰ্তী সময়ত আৰু ১বছৰলৈ বৃদ্ধি কৰা হ'ব।

আৱেদন প্ৰক্ৰিয়া :

ইচ্ছুক প্ৰাৰ্থী সকলে ৰাষ্ট্ৰীয় দুগ্ধজাত উন্নয়ন বোৰ্ডৰ অফিচিয়েল ৱেবচাইট nddb.coop ৰ যোগে নিজৰ আৱেদন পত্ৰ দাখিল কৰিব পৰিব।


আৰু পঢ়ক : DSC পশ্চিম জয়ন্তীয়া পাহাৰীয়া জিলাত চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ পদ খালী


Next Story
চাকৰি