চাকৰি

ডিআৰডিঅ' (DRDO) নিযুক্তি ২০২২ - কনচালটেণ্টৰ পদখালী

প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা (ডি আৰ ডি অ’)-ই কনছালটেণ্ট নিযুক্তিৰ বাবে অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে আবেদন গ্ৰহণৰ শেষ তাৰিখৰ ভিতৰত পোৱাকৈ আবেদন জনাব পাৰে।

Sentinel Digital Desk

ডি আৰ ডি অ'ই কনছালটেণ্ট পদত নিযুক্তিৰ বাবে শেহতীয়াভাৱে জাননী প্ৰকাশ কৰিছে। এই পদৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, বয়সৰ সীমা, দৰমহা আদিৰ তথ্য তলত উল্লেখ কৰা হ'লঃ 

পদৰ নাম

কনছালটেণ্ট 

খালী পদৰ সংখ্যা

৬ টা

দৰমহা

মাহিলী ৩০ হেজাৰ টকাৰ পৰা ৬০ হেজাৰ টকা। 

চাকৰিৰ স্থান

বাংগালুৰু

আবেদনৰ শেষ তাৰিখ

 ১৪-১০-২০২২

শিক্ষাগত অৰ্হতাঃ

ডি আৰ ডি অ'ৰ অফিচিয়েল জাননী অনুসৰি প্ৰাৰ্থীসকল কোনো স্বীকৃতিপ্ৰাপ্ত ব'ৰ্ড অথবা বিশ্ববিদ্যালয়ৰ পৰা বি ই/বি টেক , এম এছ চি আদি হ'ব লাগিব।

ডি আৰ ডি অ'ৰ বিষয়েঃ ডি আৰ ডি অ' হৈছে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ গৱেষণা আৰু বিকাশ (R&D) শাখা। ডি আৰ ডি অ' অত্যাধুনিক প্ৰতিৰক্ষা প্ৰযুক্তিযুক্ত। দেশৰ তিনিওটা প্ৰতিৰক্ষা বাহিনীৰ প্ৰয়োজনীয় অনুসৰি গুৰুত্বপূৰ্ণ প্ৰতিৰক্ষা প্ৰযুক্তিৰ ক্ষেত্ৰত দেশক আত্মনিৰ্ভৰশীল কৰি তোলাৰ উদ্দেশ্য ডি আৰ ডি অ'ই কাম কৰে। ইতিমধ্যে অগ্নি, পৃথ্বী ছিৰিজৰ ক্ষেপণাস্ত্ৰ, তেজাছ, যুঁজাৰু বিমান আদি তৈয়াৰ কৰি উলিয়াইছে ডি আৰ ডি অ'ই।