চাকৰি

ছিক্কিম লোক সেৱা আয়োগত নিযুক্তি ২০২১ - ১১ মীন পালন খণ্ড বিষয়াৰ পদ খালী

পশুপালন পশুধন মীন পালন আৰু পশু চিকিৎসা সেৱা বিভাগত মীন পালন খণ্ড বিষয়াৰ খালী পদত নিযুক্তিৰ বাবে প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচৰা হৈছে।

Sentinel Digital Desk

পশুপালন পশুধন মীন পালন আৰু পশু চিকিৎসা সেৱা বিভাগ, ছিক্কিম :

পশুপালন পশুধন মীন পালন আৰু পশু চিকিৎসা সেৱা বিভাগ, ছিক্কিম হৈছে ছিক্কিম চৰকাৰৰ অধীনত পৰিচালিত অন্যতম গুৰুত্বপূৰ্ণ কাৰিকৰী বিভাগ। এই বিভাগৰ পৃথকীকৰণ কৰা হৈছিল ১৯৭৫চনৰ, এপ্ৰিল মাহত। পশুপালন আৰু পশু চিকিৎসা মন্ত্ৰালয়ৰ অধীনত এই বিভাগৰ মুখ্য পৰিচালক হৈছে আয়ুক্ত তথা সম্পাদক। আৰু কাৰিকৰী বিভাগৰ মুখ্য হৈছে প্ৰধান পৰিচালক আৰু দুগৰাকী উপায়ুক্তই।

পশুপালন পশুধন মীন পালন আৰু পশু চিকিৎসা সেৱা বিভাগত পদ খালী :

পশুপালন পশুধন মীন পালন আৰু পশু চিকিৎসা সেৱা বিভাগত শেহতীয়া ভাৱে মীন পালন খণ্ড বিষয়াৰ খালী পদত নিযুক্তিৰ বাবে প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচৰা হৈছে।

পদৰ সবিশেষ তথ্য তলত উল্লেখিত কৰা হৈছে :

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

মীনপালন খণ্ড বিষয়া

খালী পদ 

 ১১

অৱস্থান

গেংটক- ছিক্কিম

দৰমহা 

স্তৰ ১০

বয়স 

২১ - ৩০বছৰ

অন্তিম তাৰিখ

৩১/১২/২০২১

আৱেদন মাছুল 

 ১৫০/- অনলাইন যোগে 

শিক্ষাগত অৰ্হতা :

কোনো চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা B. Sc ডিগ্ৰী (মীন পালন)।

কোনো ৰাজ্যিক ভাষাৰ জ্ঞান।

ছিক্কিমৰ নিয়মাৱলী আৰু ব্যৱহাৰৰ সৈতে পৰিচিত।

আৱেদন প্ৰক্ৰিয়া :

ইচ্ছুক প্ৰাৰ্থী সকলে অফিচিয়েল ৱেবচাইট www.spscskm.gov.in যোগে নিজৰ আৱেদন দাখিল কৰিব লাগিব।

বাছনি প্ৰক্ৰিয়া: সাক্ষাৎকাৰ