পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।
পদৰ নাম : কাৰিকৰী আৰু ব্যৱসায়ী
খালী পদৰ সংখ্যা : ১২৩০
দৰমহা : অসম ৰাইফলচৰ নিয়মাৱলী অনুসৰি
নিযুক্তিৰ স্থান : অসম
আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ৩৫/১০/২০২১
পদৰ ধৰণ : স্থায়ী
B আৰু C দলৰ বাবে শাৰীৰিক দক্ষতা পৰীক্ষা :
শাৰীৰিক প্ৰামাণিক পৰীক্ষা (PST)/ শাৰীৰিক দক্ষতা পৰীক্ষা (PET)/ লিখিত পৰীক্ষা আনুমানিকভাৱে অহা ১ ডিচেম্বৰ ২০২১ তাৰিখৰ পৰা উত্তৰ - পূৱৰ বাছনি কৰা অৱস্থান সমূহত অনুষ্ঠিত কৰা হ'ব।
আবেদন প্ৰক্ৰিয়া :
• এই পদৰ ইচ্ছুক আৰু উপযুক্ত প্ৰাৰ্থী সমূহে অনলাইন যোগে নিজৰ আবেদন দাখিল কৰিব লাগিব।
এই আবেদন দাখিল কৰিবলৈ "অনলাইন এপ্লিকেচন" বিকল্প ক্লিক কৰি, পৰ্টেলত উল্লেখিত নিয়মাৱলী অনুকৰণ কৰিব লাগিব।
• আবেদন পত্ৰ দাখিলৰ অন্তিম তাৰিখ লৈকে অনলাইন এপ্লিকেচনৰ পৰ্টেলটো সক্ৰিয় হৈ থাকিব।
• অসম ৰাইফলচৰ অফিচিয়েল ৱেবচাইট www.assamrifles.gov.in যোগে আবেদনকাৰীয়ে নিজৰ আবেদন দাখিল কৰিব লাগিব।
• এই অনলাইন পৰ্টেল ১১ছেপ্টেম্বৰ ২০২১ তাৰিখৰ পৰা সক্ৰিয় কৰা হৈছে।
বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ।
আৰু পঢ়িব পাৰেঃ গুৱাহাটী উচ্চ ন্যায়ালয়ত, পদখালী