চাকৰি

IASSTত টেকনিকেল কনছালটেণ্টৰ পদখালী

Sentinel Digital Desk

ইনষ্টিটিউট অৱ এডভান্সড ষ্টাডী ইন ছায়েন্স এণ্ড টেকন'লজী ( IASST)-ত কাৰিকৰী পৰামৰ্শদাতাৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে।  ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন দাখিল কৰিবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : কাৰিকৰী পৰামৰ্শদাতা (টেকনিকেল কনছালটেণ্ট)

খালী পদৰ সংখ্যা : ০১

দৰমহা : ৮০,০০০টকা ( মাহিলী) 

ঠিকনা : গুৱাহাটী, অসম

অন্তিম তাৰিখ : ০১/০৯/২০২১

শিক্ষাগত অৰ্হতা : এই পদৰ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব।

আবেদনৰ প্ৰক্ৰিয়া :

ইচ্ছুক প্ৰাৰ্থীয়ে ৱেবছাইট জৰিয়তে প্ৰদান কৰা আবেদন পত্ৰ পূৰণ কৰি উল্লিখিত নথি পত্ৰৰ সৈতে নিম্নোক্ত ঠিকনা নতুবা ৱেবচাইটত প্ৰেৰণ কৰিব লাগিব।

ঠিকনা : পঞ্জীয়ক, ইনষ্টিটিউট অৱ এডভান্সড ষ্টাডী ইন ছায়েন্স এণ্ড টেকন'লজী ( IASST), পশ্চিম বৰাগাঁও, গৰচুক- গুৱাহাটী ৭৮১০৩৫, অসম।

ৱেবচাইট : iasst.gov.in