চাকৰি

আই আই এম কলকাতাত মহা প্ৰৱন্ধকৰ পদ খালী

Sentinel Digital Desk

আই আই এম কলকাতাৰ বিষয়েঃ 

পশ্চিমবংগৰ কলকাতাৰ জোকাত অৱস্থিত ইণ্ডিয়ান ইনষ্টিটিউট অৱ কলকাতা হৈছে এখন ৰাজহুৱা ব্যৱসায় শিক্ষাৰ প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠান হৈছে দেশৰ প্ৰথমখন মেনেজমেণ্ট শিক্ষা প্ৰতিষ্ঠান। ২০১৭-ত ভাৰত চৰকাৰে এই প্ৰতিষ্ঠানক ৰাষ্ট্ৰীয় গুৰুত্বৰ প্ৰতিষ্ঠানৰূপে স্বীকৃতি প্ৰদান কৰে। আই আই এম কলকাতাই প্ৰদান কৰা শিক্ষা পাঠ্যক্ৰমসমূহৰ মাজত আছে দুবছৰীয়া এম বি এ শিক্ষা, অভিজ্ঞ কাৰ্যবাহীৰ বাবে এবছৰীয়া এম বি এ শিক্ষা, ডক্টৰ অৱ বিজনেছ এডমিনিষ্ট্ৰেচন কৰ্মসূচী আদি। আই আই এম কলকাতা হৈছে তিনিটা স্বীকৃতি লাভ কৰা দেশৰ একমাত্ৰ বিজনেছ স্কুল। তদুপৰি এই প্ৰতিষ্ঠান হৈছে মেনেজমেণ্ট শিক্ষাৰ CEMS Global Allianceৰ এটা অংশ । 

আই আই এম কলকাতাৰ নিযুক্তি-২০২২ঃ 

আই আই এম কলকাতাই মহা প্ৰৱন্ধক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য় পাবঃ 

প্ৰাৰ্থীসকলে পদৰ বিৱৰণ, অৰ্হতা, দৰমহা স্কেল তলত চাব পাৰে :-

পদৰ নাম 

মহা প্ৰৱন্ধক। 

খালী পদ

নিৰ্দিষ্টকৈ উল্লেখ নাই। 

বয়স

৩০ জানুৱাৰী, ২০২২-ত সৰ্বোচ্চ ৩০ বছৰ। 

দৰমহা

বাৰ্ষিক ২৪,০০,০০০ টকাৰ পৰা ৩০,০০,০০০টকা। 

অন্তিম তাৰিখ

১৬ জানুৱাৰী, ২০২২। 

চাকৰিৰ স্থান

কলকাতা, পশ্চিমবংগ। 

আবেদন প্ৰক্ৰিয়া

ই-মেইল। 

প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়া

লিখিত পৰীক্ষা, সাক্ষাতকাৰ। 

শিক্ষাগত অৰ্হতা :

স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত এম বি এ ডিগ্ৰী থাকিব লাগিব।  

অভিজ্ঞতাঃ 

ন্যূনতম ১০ বছৰৰ অভিজ্ঞতা থাকিব লাগিব। 

আবেদনৰ নিয়মঃ 

প্ৰথমে অফিচিয়েল ৱেবছাইট iimcal.ac.in চাওক আৰু

আপুনি আবেদন কৰিব লগা  আই আই এম কলকাতাৰ নিযুক্তি বা কেৰিয়াৰ পৰীক্ষা কৰক।

এই নিযুক্তিৰ অধিসূচনা আৰু যোগ্যতা পৰীক্ষা কৰক।

আবেদন প্ৰপত্ৰ পূৰণ আৰম্ভ কৰাৰ আগতে অন্তিম তাৰিখটো সাৱধানে পৰীক্ষা কৰক। কোনো ভুল নোহোৱাকৈ আবেদন পত্ৰ পূৰণ কৰক। আবেদন মাচুল পৰিশোধ কৰক (যদি প্ৰযোজ্য হয়) ।

আবেদন পত্ৰ অহা ১৬ জানুৱাৰী, ২০২২-ৰ ভিতৰত dean_nier@iimcal.ac.inলৈ  প্ৰেৰণ কৰক।