Begin typing your search above and press return to search.

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীত জে আৰ এফ পদ খালী

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীয়ে জে আৰ এফ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীত জে আৰ এফ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Dec 2021 12:33 PM GMT

আই আই টি গুৱাহাটীৰ বিষয়ে

আই আই টি গুৱাহাটী ভাৰত চৰকাৰ দ্বাৰা স্থাপিত এক ৰাজহুৱা কাৰিকৰী আৰু গৱেষণা বিশ্ববিদ্যালয়। এই প্ৰতিষ্ঠানৰ স্থাপন কৰা হয় ১৯৯৪চনত। গুৱাহাটীতস্থিত এই অনুষ্ঠান ভাৰতীয় প্ৰযুক্তিবিদ্যা অনুষ্ঠানসমূহৰ ভিতৰত ষষ্ঠ নম্বৰত। ভাৰত চৰকাৰৰ দ্বাৰা এই অনুষ্ঠানক ভাৰতৰ অন্যতম গুৰত্বপূৰ্ণ শিক্ষা অনুষ্ঠানৰূপে স্বীকৃতি দিয়া হৈছে। ১৯৯৫ৰ পৰা আই আই টি গুৱাহাটীত শৈক্ষিক কাৰ্যক্ৰম আৰম্ভ হয়।

বৰ্তমানে এই প্ৰতিষ্ঠানৰ ১১ টা বিভাগ আছে আৰু ইয়ে অভিযান্ত্ৰিক, বিজ্ঞান আৰু কলাৰ মূল শাখাসমূহক সামৰি লৈছে। আই আই টি গুৱাহাটীয়ে বি টেক, বি ডেছ, এম এ, এম ডেছ, এম টেক, এম এছ চি আৰু পি এইচ ডিৰ শিক্ষা আগবঢ়ায়। আই আই টি গুৱাহাটীৰ বিশ্বমানৰ আন্তঃগাঁথনি আছে।

এই প্ৰতিষ্ঠানে ২৮৫ একৰ ভূমি আগুৰি আছে আৰু ই ব্ৰহ্মপুত্ৰ পৰা ২০ কিলোমিটাৰ নিলগত অৱস্থিত।


ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীত পদ খালী : ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীয়ে জে আৰ এফ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ



প্ৰাৰ্থীসকলে পদৰ বিৱৰণ, অৰ্হতা, দৰমহা স্কেল আদিৰ তথ্য তলত চাব পাৰে :-


পদৰ নাম

জে আৰ এফ ( কনিষ্ঠ গৱেষণা সভ্য)।

খালী পদ

২টা।

বয়স

৩০ জানুৱাৰী, ২০২২-ত সৰ্বোচ্চ ২৮ বছৰ।

দৰমহা

মাহিলী ৩৫, ৯৬০টকা।

অন্তিম তাৰিখ

আবেদন গ্ৰহণৰ আৰম্ভণিৰ তাৰিখঃ ২৮ ডিচেম্বৰ, ২০২১। অনলাইন সাক্ষাতকাৰঃ ৩০-১২-২০২১।

চাকৰিৰ স্থান

গুৱাহাটী , অসম

আবেদনৰ মাচুল

মাচুল নাই।

প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়া

অনলাইন সাক্ষাতকাৰ।


শিক্ষাগত অৰ্হতা :

প্ৰাৰ্থী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰীধাৰী হব লাগিব।

আবেদন প্ৰক্ৰিয়া :

আবেদন কৰাৰ পদক্ষেপসমূহ : প্ৰথমে অফিচিয়েল ৱেবছাইট iitg.ac.in চাওক আৰু আপুনি আবেদন কৰিব লগা আই আই টি গুৱাহাটীৰ নিযুক্তি বা কেৰিয়াৰ পৰীক্ষা কৰক।

এই নিযুক্তিৰ অধিসূচনা আৰু যোগ্যতা পৰীক্ষা কৰক। আবেদন প্ৰপত্ৰ পূৰণ আৰম্ভ কৰাৰ আগতে অন্তিম তাৰিখটো সাৱধানে পৰীক্ষা কৰক।

কোনো ভুল নোহোৱাকৈ আবেদন পত্ৰ পূৰণ কৰক। আবেদন মাচুল পৰিশোধ কৰক (যদি প্ৰযোজ্য হয়) ।

আবেদন পত্ৰ অহা ২৮ ডিচেম্বৰ, ২০২১-ৰ ভিতৰত পোৱাকৈ rbharti@iitg.ac.in-লৈ প্ৰেৰণ কৰক।



আৰু চাব পাৰে : ইউ আই ডি এ আই নিযুক্তি ২০২২ - ১১ উপ পৰিচালক, সহকাৰী পৰিচালকৰ পদ খালী


Next Story
চাকৰি