চাকৰি

আই আই এম কড়িকোড়ত প্ৰকল্প প্ৰৱন্ধকৰ পদ খালী

Sentinel Digital Desk

আই আই এম কড়িকোড়ৰ বিষয়ে :

কেৰালাৰ কড়িকোড়স্থিত ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট এখন আগশাৰীৰ ভাৰতীয় মেনেজমেন্ট প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠান স্থাপন কৰা হয় ভাৰত চৰকাৰৰ দ্বাৰা। ইয়াৰ মূল লক্ষ্য যুৱ প্ৰজন্মৰ মাজত গঢ়ি উঠা বিভিন্ন ভাগত পেচাদাৰীৰ তৈয়াৰ কৰা। ১৯৯৬চনত স্থাপিত কৰা এই অনুষ্ঠান দেশৰ পঞ্চম খন এই ধৰণৰ প্ৰতিষ্ঠান।

 আই আই এম কড়িকোড়ত পদখালী:

আই আই এম কজিকোডত শেহতীয়াভাবে প্ৰকল্প প্ৰৱন্ধকৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থী সকলে অন্তিম তাৰিখৰ পূৰ্বে আৱেদন দাখিল কৰিব লাগিব।

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ নাম

খালী পদ

দৰমহা

স্থান

বয়স 

আবেদনৰ মাচুল 

আবেদন গ্ৰহণৰ শেষ তাৰিখ

প্ৰকল্প প্ৰৱন্ধক

 ০১

মাহিলী ১,২৫,০০০টকাৰ পৰা ডেৰ লাখ টকা

কড়িকড়ে

আই আই এম কড়িকড়ৰ মতে

নাই

২২ ডিচেম্বৰ, ২০২১। 

শিক্ষাগত অৰ্হতা:

যিকোনো স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জীনিয়াৰিঙৰ স্নাতক বা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰা হব লাগিব।

অভিজ্ঞতাঃ 

ন্যূনতম ১০ বছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব। ইয়াৰে ৩ বছৰৰ অভিজ্ঞতা ই আৰ পি প্ৰজেক্ট মেনেজমেণ্টৰ হব লাগিব। 

আবেদনৰ নিয়মঃ  আগ্ৰহী প্ৰাৰ্থীয়ে আবেদন পত্ৰ IIM Kozhikode, Campus P.O, Kozhikode, Kerala – 673570-লৈ প্ৰেৰণ কৰিব পাৰে।