চাকৰি

উপায়ুক্ত কাৰ্য্যালয় পাপুম পাৰে নিযুক্তি ২০২২ - ০১ লেৱ টেকনিচিয়ানৰ পদ খালী

উপায়ুক্ত কাৰ্য্যালয় পাপুম পাৰেত লেৱ টেকনিচিয়ানৰ খালী পদত নিযুক্তিৰ বাবে প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচাৰিছে।

Sentinel Digital Desk

উপায়ুক্ত কাৰ্য্যালয় পাপুম পাৰে, অৰুণাচল প্ৰদেশ :

পাপুম পাৰে হৈছে উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশৰ এখন জিলা। এই জিলাৰ উত্তৰত অৱস্থিত ক্ৰা দাড়ি জিলা, পূবত নিম্ন সোৱণশিৰি জিলা, পশ্চিমত পূব কামেং জিলা আৰু দক্ষিণত আসাম ৰাজ্য।

এই জিলাৰ নাম লোৱা হৈছে দুখন প্ৰধান নদী পাপুম আৰু পাৰেৰ পৰা। এই জিলাৰ বৰ্গক্ষেত্ৰ হৈছে ৩৪৬২ বৰ্গ কিঃমিঃ। ইয়াৰ লোক সকলৰ প্ৰধান জীৱিকা হৈছে কৃষি আৰু উদ্যানবিদ্যা। ইয়াৰোপৰি বহু লোকে ক্ষুদ্ৰ বাণিজ্যৰ ওপৰত ভিত্তি কৰি নিজৰ জীৱন যাপন কৰে।

উপায়ুক্ত কাৰ্য্যালয় পাপুম পাৰেত পদ খালী :

উপায়ুক্ত কাৰ্য্যালয় পাপুম পাৰেত শেহতীয়া ভাৱে লেৱ টেকনিচিয়ানৰ খালী পদত নিযুক্তিৰ বাবে ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচাৰিছে।

পদৰ সবিশেষ তথ্য তলত উল্লেখিত কৰা হৈছে : 

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

অস্থায়ী লেৱ টেকনিচিয়ান

খালী পদ

০১

বয়স 

১৮ - ২৮বছৰ

দৰমহা

১৩,০০০/- টকা, প্ৰতি মাহে

অৱস্থান

য়ুপিয়া, অৰুণাচল প্ৰদেশ

ৱাক ইন

০৫/০১/২০২২

পদৰ ধৰণ 

অস্থায়ী 

শিক্ষাগত অৰ্হতা :

বিজ্ঞান শাখাত দ্বাদশ শ্ৰেণী উত্তীৰ্ণ

MMLT/ BMLT/ DMLT প্ৰমাণপত্ৰ

নূন্যতম ০৬ মাহৰ কম্পিউটাৰ এপ্লিকেচনত ডিপ্লোমা

আৱেদন প্ৰক্ৰিয়া :

ইচ্ছুক প্ৰাৰ্থী সকলে ০৫ জানুৱাৰী ২০২২ তাৰিখে, পুৱা ১০বজাৰ পৰা DTO তথা DACO কাৰ্য্যালয়, গেট নং ০১, TRIHMS, নহৰলাগুনত অনুষ্ঠিত হ'বলগীয়া ৱাক ইন সাক্ষাৎকাৰৰ বাবে উপস্থিত হ'ব লাগিব।

প্ৰাৰ্থী সকলে নিজৰ লগত দ্বাদশ শ্ৰেণী উত্তীৰ্ণ মানপত্ৰ, MMLT/ BMLT/ DMLT প্ৰমাণপত্ৰ, অনুসূচিত জনজাতি প্ৰমাণপত্ৰ (APST প্ৰাৰ্থী সকলৰ বাবে), PRC প্ৰমাণপত্ৰৰ প্ৰকৃত আৰু প্ৰতিলিপি, আৰু দুখন শেহতীয়া পাছপৰ্ট ফটো জমা কৰিব লাগিব।

বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ