Begin typing your search above and press return to search.

চত্তিশগড় ডাকচক্ৰত কৰ্মচাৰীৰ গাড়ীচালক নিযুক্তি

চত্তিশগড় ডাকচক্ৰই কৰ্মচাৰীৰ গাড়ীচালক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে

চত্তিশগড় ডাকচক্ৰত কৰ্মচাৰীৰ গাড়ীচালক নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 Dec 2021 12:26 PM GMT

চত্তিশগড় ডাকচক্ৰৰ বিষয়েঃ

চত্তিশগড় ৰাজ্য ২০০০ৰ ১১ নৱেম্বৰত গঠিত হয় ৷ ২০০১ৰ ১২ জানুৱাৰীত চত্তিশগড় ডাকচক্ৰ গঠিত হয় ৷ ইয়াৰ আগলৈকে ই মধ্যপ্ৰদেশ ডাক চক্ৰৰ এক অংশৰূপে দায়িত্ব পালন কৰিছিল ৷ চত্তিশগড়ৰ ২৭ খন জিলা চত্তিশগড় ডাকচক্ৰৰ ক্ষেত্ৰাধিকাৰত পৰে ৷

চত্তিশগড় ডাকচক্ৰই ৰাজ্যখনৰ দুই কোটি লোকক সেৱা আগবঢ়াই আহিছে ৷ চত্তিশগড়ৰ মুঠ মাটি-কালিৰ পৰিমাণ হৈছে ১, ৩৭, ৮৯৮. ৩৬ বৰ্গ কিলোমিটাৰ ৷ চত্তিশগড় ডাকচক্ৰৰ ৫ টা ডাক মণ্ডল, এটা আৰ এম এছ মণ্ডল, এটা পোষ্টেল ষ্ট'ৰ ডিপো আৰু এখন পোষ্টেল ডিছপেনচেৰী আছে ৷

চত্তিশগড় ডাকচক্ৰত পদখালীঃ

চত্তিশগড় ডাকচক্ৰই কৰ্মচাৰীৰ গাড়ীচালক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে ৷ এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ

চত্তিশগড় ডাকচক্ৰত পদখালীঃ

পদ

কৰ্মচাৰীৰ গাড়ীচালক

খালী পদৰ সংখ্যা

১০টা

বয়সৰ সীমা

সৰ্বোচ্চ ৫৬ বছৰ

দৰমহা

নিয়ম অনুসৰি

চাকৰিৰ স্থান

ৰাইপুৰ, দুৰ্গাপুৰ, বিলাসপুৰ, ৰাইগড়, চত্তিশগড়

আবেদন গ্ৰহণৰ শেষ তাৰিখ

২০ জানুৱাৰী, ২০২২

আবেদনৰ মাচুল

আবেদনৰ মাচুল নাই


শিক্ষাগত অৰ্হতাঃ দশম শ্ৰেণী উত্তীৰ্ণ ৷ লঘু আৰু গধুৰ যান-বাহন চলোৱাৰ অনুজ্ঞাপত্ৰ থাকিব লাগিব৷

গাড়ীৰ যান্ত্ৰিক দিশৰ জ্ঞান থাকিব লাগিব৷

আবেদনৰ নিয়মঃ

প্ৰাৰ্থীসকলে আবেদনপত্ৰ Assst Director (Staff), O/o Chief Postmaster General, Chattisgarh Circle, Raipur- 492001 এই ঠিকনালৈ প্ৰেৰণ কৰিব লাগিব ৷


আৰু পঢ়ক : আই আই টি হাইদৰাবাদত নিযুক্তি ২০২২ - জেষ্ঠ প্ৰকল্প উপদেষ্টাৰ পদ খালী



Next Story
চাকৰি