আই আই টি হাইদৰাবাদত নিযুক্তি ২০২২ - জেষ্ঠ প্ৰকল্প উপদেষ্টাৰ পদ খালী

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান হাইদৰাবাদত জেষ্ঠ প্ৰকল্প উপদেষ্টাৰ পদত নিযুক্তি প্ৰদান কৰিবৰ প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচৰা হৈছে
আই আই টি হাইদৰাবাদত নিযুক্তি ২০২২ - জেষ্ঠ প্ৰকল্প উপদেষ্টাৰ পদ খালী
Published on

আই আই টি হাইদৰাবাদ :

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান হাইদৰাবাদ হৈছে, ভাৰতৰ তেলেংগানা ৰাজ্যৰ চাংগাৰেড্ডী জিলাত অৱস্থিত এক ৰাজহুৱা কাৰিকৰী বিশ্ববিদ্যালয়।দেশত নটোকৈ নিৰ্মাণ কৰা ৮খন নতুন ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ অন্তৰ্গত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান হাইদৰাবাদ নিৰ্মাণ কৰা হৈছিল ২০০৮চনত। ইয়াৰ প্ৰতিস্থাপন কৰিছিল মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়, ভাৰত চৰকাৰে, প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান অধিনিয়ম, ২০১১ৰ অধীনত।

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান হাইদৰাবাদত পদ খালী :

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান হাইদৰাবাদত শেহতীয়া ভাৱে জেষ্ঠ প্ৰকল্প উপদেষ্টাৰ পদত নিযুক্তি প্ৰদান কৰিবৰ প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচৰা হৈছে।

পদৰ সবিশেষ তথ্য তলত উল্লেখিত কৰা হৈছে :

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

জেষ্ঠ প্ৰকল্প উপদেষ্টা

খালী পদ

০১

বয়স

এন/ এ

দৰমহা

 নিয়মাৱলী অনুসৰি

অৱস্থান

হাইদৰাবাদ - তেলেংগানা

অন্তিম তাৰিখ

 ১৪ জানুৱাৰী ২০২২ 

শিক্ষাগত অৰ্হতা :

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান হাইদৰাবাদৰ অফিচিয়েল অধিসূচনা অনুসৰি এই পদত আৱেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা Ph. D ডিগ্ৰী উত্তীৰ্ণ হ'ব লাগিব।

অভিজ্ঞতা :

১৫বছৰীয়া গৱেষণা অভিজ্ঞতা, ইয়াৰ প্ৰমাণ হেতু কোনো আগশাৰীৰ প্ৰকাশনত প্ৰকাশিত কাম আৰু গৱেষণাৰ ফলাফল।

আৱেদন প্ৰক্ৰিয়া :

আগ্ৰহী তথা উপযুক্ত প্ৰাৰ্থী সকলে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান হাইদৰাবাদৰ অফিচিয়েল ৱেবচাইট iith.ac.in যোগে নিজৰ আৱেদন পত্ৰ দাখিল কৰিব পৰিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com