ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান কানপুৰ নিযুক্তি ২০২২ - জেষ্ঠ প্ৰকল্প সহায়কাৰ পদ খালী

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান কানপুৰ নিযুক্তি ২০২২ - জেষ্ঠ প্ৰকল্প সহায়কাৰ পদ খালী

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান কানপুৰত জেষ্ঠ প্ৰকল্প সহকাৰীৰ খালী পদত নিযুক্তি প্ৰদান কৰিবৰ বাবে প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচৰা হৈছে
Published on

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান কানপুৰ :

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান কানপুৰ ভাৰত চৰকাৰৰ দ্বাৰা ৰাষ্ট্ৰৰ এখন আগ শাৰীৰ প্ৰতিষ্ঠান ৰূপে স্থাপিত কৰা হৈছিল চন ১৯৫৯ত। এই প্ৰতিষ্ঠানৰ মূল উদ্দেশ্য হৈছে সকলোলৈকে উন্নতমানৰ শিক্ষা আগবঢ়োৱা, গৱেষণা মূলক কাৰ্য্য হাতত লোৱা আৰু প্ৰযুক্ত উদ্ভাৱনৰ ক্ষেত্ৰত প্ৰতিনিধিত্ব আগবঢ়োৱা। এই প্ৰতিষ্ঠানৰ চেষ্টা অকৃতিম আৰু সৃষ্টিশীল শিক্ষাৰ এক পৰিবেশ আগবঢ়োৱা।

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান কানপুৰত পদ খালী :

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান কানপুৰত শেহতীয়া ভাৱে জেষ্ঠ প্ৰকল্প সহকাৰীৰ খালী পদত নিযুক্তি প্ৰদান কৰিবৰ বাবে ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচৰা হৈছে।

পদৰ সবিশেষ তথ্য তলত উল্লেখিত কৰা হৈছে :

পদ

জেষ্ঠ প্ৰকল্প সহকাৰী

খালী পদ

 ০১

বয়স

এন/ এ

দৰমহা 

 ২১,৬০০ - ৫৪,০০০/- টকা, প্ৰতি মাহে

অৱস্থান

কানপুৰ - উত্তৰ প্ৰদেশ

অন্তিম তাৰিখ

০৬ জানুৱাৰী ২০২২ 

শিক্ষাগত অৰ্হতা :

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান কানপুৰৰ অফিচিয়েল অধিসূচনা অনুসৰি এই পদত আৱেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা B. Sc, M. Sc, MCA ডিগ্ৰী উত্তীৰ্ণ হ'ব লাগিব।

অভিজ্ঞতা :

• MooKIT প্লেটফৰ্মৰ উন্নতমানৰ কাৰিকৰী অৰ্হতা থাকিব লাগিব।

• অনলাইন মিটিং অনুষ্ঠাপন কৰাৰ অভিজ্ঞতা থাকিব লাগিব।

• ইংৰাজী ভাষাত কথোপকথনৰ কৌশল।

• ভিন্ন ঘণ্টাত কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব।

আৱেদন প্ৰক্ৰিয়া :

ইচ্ছুক প্ৰাৰ্থী সকলে নিজৰ আৱেদন নিৰ্ধাৰিত পাঠ্যৰ ৰূপত, pes@iitk.ac.in ইমেইল যোগে প্ৰেৰণ কৰিব লাগিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com