চাকৰি

RBIত বেংক মেডিকেল কনছালটেণ্টৰ পদ খালী

Sentinel Digital Desk

ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ অধীনত কাৰ্যকাৰী ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া ভাৰতৰ কেন্দ্ৰীয় বেঙ্ক। এই বেংকৰ দায়িত্ব ভাৰতীয় মুদ্ৰাৰ যোগান ধৰা আৰু লগতে ইণ্ডিয়ান বেংকিং চিষ্টেমৰ বাবে নিয়মাৱলীৰ প্ৰতিষ্ঠাপন কৰা। দেশৰ প্ৰধান পৰিশোধ প্ৰক্ৰিয়াৰ দায়িত্বভাৰো এই বেংকে সমাপন কৰে আৰু ভাৰতীয় অৰ্থনীতিৰ উন্নয়নৰ হেতু কাম কৰে।

ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াত নৱ-নিযুক্তি :

ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াত শেহতীয়া ভাৱে বেংক মেডিকেল কনছালটেণ্টৰ খালী পদৰ বাবে উপযুক্ত প্ৰাৰ্থীসকলক আবেদন দাখিলৰ বাবে আমন্ত্ৰণ কৰিছে। এই পদৰ উপযুক্ত প্ৰাৰ্থী সকলে অন্তিম তাৰিখৰ পূৰ্বে আবেদন দাখিল কৰিব লাগিব।

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

বেংক মেডিকেল কনছালটেণ্ট

খালী পদৰ সংখ্যা

০১

দৰমহা

১,০০০/- টকা, প্ৰতি ঘণ্টাত

বয়স

১৮ - ২৯বছৰ

আৱেদন দাখিলৰ অন্তিম তাৰিখ

২৬/১১/২০২১

আবেদন প্ৰক্ৰিয়া

অফলাইন

পদৰ স্থান

আগৰতলা, ত্ৰিপুৰা


শিক্ষাগত অৰ্হতা :

এই পদত আৱেদন দাখিল কৰিবলৈ RBI অফিচিয়েল অধিসূচনা অনুসৰি প্ৰাৰ্থীয়ে মেডিকেল কাউন্সিল অফ ইণ্ডিয়াৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা এলোপেথিক বিভাগত MBBS ডিগ্ৰী ধাৰী হ'ব লাগিব।

অভিজ্ঞতা :

মেডিকেল প্ৰেক্টিচনাৰ হিচাপে কোনো চিকিৎসালয় বা ক্লিনিকত ২বছৰীয়া অভিজ্ঞতা থাকিব লাগিব।

আৱেদন প্ৰক্ৰিয়া :

• ইচ্ছুক প্ৰাৰ্থী সকলে নিৰ্দ্ধাৰিত পাঠ্যৰ ৰূপত আৱেদন দাখিল কৰিব পাৰিব ।

• প্ৰাৰ্থী সকলে নিজৰ আৱেদন পত্ৰ, প্ৰয়োজনীয় নথি পত্ৰৰ সৈতে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, দ্বিতীয় ফ্লৰ, জেকচন গেট বিল্ডিং, লেনিন চৰাণী, আগৰতলা ৭৯৯০০১

সম্পূৰ্ণ প্ৰক্ৰিয়া :

• অফিচিয়েল ৱেবচাইট rbi.org.in খোলক

• আপুনি আৱেদন দাখিল কৰিব বিচৰা পদটো বিচাৰক

• পদৰ বাবে উপলব্ধ আৱেদন পত্ৰ ডাউনলোড কৰক

• আৱেদন দাখিলৰ অন্তিম তাৰিখ পৰ্যবেক্ষণ কৰিবলৈ নাপাহৰিব

• শুদ্ধ ভাৱে আবেদন পূৰণ কৰক

• প্ৰয়োজনীয় নথি-পত্ৰৰ সৈতে আবেদন পত্ৰ জমা কৰক

গুৰুত্বপূৰ্ণ তাৰিখ সমূহ :

• আৱেদনৰ আৰম্ভণি - ০৪/১১/২০২১

• আৱেদনৰ জমা কৰা অন্তিম তাৰিখ - ২৬/১১/২০২১।