হিমাচল প্ৰদেশ লোক সেৱা আয়োগ :
হিমাচল প্ৰদেশে ৰাজ্যৰ উপাধি লাভ কৰিবলৈ সক্ষম হৈছিল ২৫ জানুৱাৰী ১৯৭১ত, আৰু ৰাজ্য খনৰ হিমাচল প্ৰদেশ চৰকাৰৰ দ্বাৰা প্ৰতিস্থাপিত আগ শাৰীৰ চৰকাৰী এজেন্সী থৈছে হিমাচল প্ৰদেশ লোক সেৱা আয়োগ। ইয়াৰ স্থাপনা কৰা হৈছিল ০৮ এপ্ৰিল ১৯৭১ তাৰিখে। এই এজেন্সীৰ অধীনত পৰিচালিত কৰা হয় বিভিন্ন ধৰণৰ অসামৰিক সেৱা পৰীক্ষা সমূহ তথা অন্য প্ৰতিদ্বন্দ্বী পৰীক্ষা সমূহ। যাৰ দ্বাৰা অসামৰিক সেৱা আৰু বিভিন্ন বিভাগৰ বাবে উপযুক্ত প্ৰাৰ্থীৰ বাছনি কৰা হয়।
হিমাচল প্ৰদেশ লোক সেৱা আয়োগ পদ খালী :
হিমাচল প্ৰদেশ লোক সেৱা আয়োগত শেহতীয়া ভাৱে নাইব - টেহচিলডাৰৰ খালী পদত নিযুক্তিৰ বাবে ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচৰা হৈছে।
পদৰ সবিশেষ তথ্য তলত উল্লেখিত কৰা হৈছে :
| পদৰ বিৱৰণ | প্ৰয়োজনীয় তথ্য | 
| পদৰ নাম | নাইব - টেহচিলডাৰ | 
| খালী পদ | ২০ | 
| দৰমহা | ১০,৩০০ - ৩৪,৮০০/- টকা, প্ৰতি মাহে | 
| অৱস্থান | হিমাচল প্ৰদেশ | 
| বয়স | ২১ - ৪০বছৰ, ০১/০১/২০২১ৰ মতে | 
| বাছনি প্ৰক্ৰিয়া | স্ক্ৰিনিং/ প্ৰেলিমিনাৰী পৰীক্ষা, মেইনচ পৰীক্ষা, ব্যক্তিত্ব পৰীক্ষা | 
| আৱেদন মাছুল | জেনেৰেল/ ই ডব্লিউ এছ - ৪০০/- টকা অনুসূচিত জনজাতি/ জাতি/ পি ডব্লিউ ডি/ বি পি এল/ ই ডব্লিউ এছ হিমাচল প্ৰদেশৰ - ১০০/- টকা মহিলা/ প্ৰাক্তন চাকৰিয়াল হিমাচল প্ৰদেশৰ - নিল পৰিশোধ প্ৰক্ৰিয়া - অনলাইন | 
| অন্তিম তাৰিখ | ২৭ জানুৱাৰী ২০২২ | 
| ৱেবচাইট | hppsc.hp.gov.in | 
শিক্ষাগত অৰ্হতা :
হিমাচল প্ৰদেশ লোক সেৱা আয়োগৰ অফিচিয়েল অধিসূচনা অনুসৰি ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা গ্ৰেজুৱেট হ'ব লাগিব।
আৱেদন প্ৰক্ৰিয়া :
ইচ্ছুক প্ৰাৰ্থী সকলে নিজৰ আৱেদন পত্ৰ অন্তিম তাৰিখ ২৭ জানুৱাৰী ২০২২ৰ পূৰ্বে হিমাচল প্ৰদেশ লোক সেৱা আয়োগৰ অফিচিয়েল ৱেবচাইট hppsc.hp.gov.in যোগে দাখিল কৰিব পাৰিব।