Begin typing your search above and press return to search.

NERAMAC গুৱাহাটী নিযুক্তি ২০২২ - চিভিল অভিযন্তাৰ পদ খালী

নৰ্থ ইষ্টাৰ্ণ ৰিজিঅনেল এগ্ৰিকালচাৰেল মাৰ্কেটিং কৰ্পোৰেচন লিমিটেডত চিভিল অভিযন্তাৰ খালী পদত নিযুক্তিৰ বাবে প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচৰা হৈছে।

NERAMAC গুৱাহাটী নিযুক্তি ২০২২ - চিভিল অভিযন্তাৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Jan 2022 10:51 AM GMT

নৰ্থ ইষ্টাৰ্ণ ৰিজিঅনেল এগ্ৰিকালচাৰেল মাৰ্কেটিং কৰ্পোৰেচন লিমিটেডৰ বিষয়ে :

নৰ্থ ইষ্টাৰ্ণ ৰিজিঅনেল এগ্ৰিকালচাৰেল মাৰ্কেটিং কৰ্পোৰেচন লিমিটেডৰ প্ৰতিস্থাপন কৰা হৈছিল উত্তৰ পূৰ্বাঞ্চলৰ কৃষক তথা উৎপাদক সমূহে উৎপাদন কৰা সামগ্ৰী সমূহৰ পৰ্যাপ্ত মূল্য লাভৰ কৰিবৰ হেতু সহায় প্ৰদান কৰিবৰ বাবে আৰু লগতে কৃষক সকল আৰু বজাৰ মাজত জন্ম পোৱা খালী ঠাই পূৰণৰ কৰিবৰ বাবে আৰু ভাৰতৰ উত্তৰ পূৰ্বাঞ্চল ক্ষেত্ৰৰ কৃষি উৎপাদন, মাৰ্কেটিঙ প্ৰক্ৰিয়া আৰু আন্তঃগাঠনি উন্নয়ন কৰা। বৰ্তমান সময়ত ভাৰত চৰকাৰ, উত্তৰ পূৰ্বাঞ্চল ক্ষেত্ৰৰ উন্নয়ন মন্ত্ৰালয়ৰ অধীনত পৰিচালিত নৰ্থ ইষ্টাৰ্ণ ৰিজিঅনেল এগ্ৰিকালচাৰেল মাৰ্কেটিং কৰ্পোৰেচন লিমিটেডৰ, মুখ্য কাৰ্যালয় অৱস্থিত ৯ৰাজবাৰী পথ, গণেশগুৰি, গুৱাহাটী।

নৰ্থ ইষ্টাৰ্ণ ৰিজিঅনেল এগ্ৰিকালচাৰেল মাৰ্কেটিং কৰ্পোৰেচন লিমিটেডত পদ খালী :

নৰ্থ ইষ্টাৰ্ণ ৰিজিঅনেল এগ্ৰিকালচাৰেল মাৰ্কেটিং কৰ্পোৰেচন লিমিটেডত শেহতীয়া ভাৱে চিভিল অভিযন্তাৰ খালী পদত নিযুক্তিৰ বাবে ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচৰা হৈছে।

পদৰ সবিশেষ তথ্য তলত উল্লেখিত কৰা হৈছে :

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

চিভিল অভিযন্তা

খালী পদ

০১

বয়স

অধিকতম ৬৫বছৰ

দৰমহা

৪০,০০০/- টকা, প্ৰতি মাহে

অৱস্থান

গুৱাহাটী - অসম

অন্তিম তাৰিখ

০৭ জানুৱাৰী ২০২২

পদৰ ধৰণ

অস্থায়ী

চিভিল অভিযন্তাৰ খালী পদৰ বাবে শিক্ষাগত অৰ্হতা :

১. কোনো চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা নূন্যতম ৬০% নম্বৰ সহ চিভিল অভিযান্ত্ৰিক ডিগ্ৰী বা চিভিল অভিযান্ত্ৰিক বিষয়ত AMIE (খণ্ড এ আৰু খণ্ড বি)।

২. কোনো চৰকাৰী/ মধ্য চৰকাৰী/ যশস্বী নিৰ্মাণ অনুষ্ঠানত নিৰ্মাণ কাৰ্য্যত ডিজাইন, ব্যৱস্থাপনা, নিৰীক্ষক, প্ৰকল্প ব্যবস্থাপনাৰ ১০বছৰীয়া অভিজ্ঞতা।

৩. চিভিল কৰ্ম সম্পৰ্কীয় নিৰ্মাণ কাৰ্য্য লগতে বেতন আৰু কামৰ জোখ মাপ ৰখা আদিত পাৰ্গত হ'ব লাগিব।

৪. চুক্তি তথা সংগ্ৰহ ব্যৱস্থাপনাত অভিজ্ঞতা থকা সকলৰ বাবে সুবিধাজনক।

৫. কেন্দ্ৰীয়/ ৰাজ্য চৰকাৰ/ ৰাজহুৱা কাৰ্য্য বিভাগ সমূহৰ প্ৰাক্তন চাকৰিয়াল সকলক প্ৰাধান্য দিয়া হ'ব।

আৱেদন প্ৰক্ৰিয়া :

ইচ্ছুক প্ৰাৰ্থী সকলে অন্তিম তাৰিখ ০৭ জানুৱাৰী ২০২২ৰ পূৰ্বে নিজৰ আৱেদন hr.neramac@gmail.com যোগে প্ৰেৰণ কৰিব লাগিব।

বাছনি প্ৰক্ৰিয়া :

প্ৰাৰ্থী সকলৰ বাছনি কৰা হ'ব অহা ০৭ জানুৱাৰী ২০২২ তাৰিখে পুৱা ১১বজাৰ পৰা বিয়লি ২বজালৈকে অনুষ্ঠিত হ'বলগীয়া এটি সাক্ষাৎকাৰ যোগে।

ঠিকনা : নৰ্থ ইষ্টাৰ্ণ ৰিজিঅনেল এগ্ৰিকালচাৰেল মাৰ্কেটিং কৰ্পোৰেচন লিমিটেড, গৃহ নং - ০৯, ৰাজবাৰী পথ,গণেশগুৰি, গুৱাহাটী - ৭৮১০০৫


আৰু পঢ়ক : গুৱাহাটীৰ হায়াট ছুপাৰস্পেচিয়েলিটী হাস্পতালত অভিযন্তা নিযুক্তি


Next Story
চাকৰি